অসম

assam

কেন্দ্ৰৰ দৃষ্টিত অসমৰ সমস্যা অসমৰ, অসমৰ সম্পদহে অসমৰ নহয় : AJYCP

By

Published : Jul 1, 2022, 7:37 PM IST

বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest in Assam)৷ তাৰ পিচদিনাই অৰ্থাৎ আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে একে বিষয় লৈ ৷ অসমৰ সম্পদক নিজৰ বুলি ভাবি আহৰণ কৰা কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাকো নিজৰ বুলি গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠন সমূহে ৷

AASU protest in Assam
AJYCP protestকেন্দ্ৰৰ দৃষ্টিত অসমৰ সমস্যা অসমৰ

নগাঁও, 1 জুলাই :শুকুৰবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP protest in Nagao) ৷ কেইবাটাও দাবী তুলি ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰী সকলে । অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা (Demand for declare Assam flood as national disaster), বানত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মীয়মান সকলো নদীবান্ধৰ কাম বন্ধ কৰা এই তিনিটা দাবীৰে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট ।

কেন্দ্ৰৰ দৃষ্টিত অসমৰ সমস্যা অসমৰ, কিন্তু অসমৰ সম্পদ অসমৰ নহয়

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় । আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি দ্বীপমনি বৰাই কয় যে, কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদ সমূহক নিজৰ সম্পদ বুলি ভাবে কিন্তু অসমৰ সমস্যা সমূহক নিজৰ বুলি নাভাবে । অসমৰ সমস্যা হ’লে আওকাণ কৰে । মাত্ৰ এটা ফোন কৰিয়ে দায়িত্ব সামৰে ।

তেওঁ লগতে কয়, বৰ্তমান অসমৰ ৰাইজক বানপানীয়ে জুৰুলা কৰিছে (Flood in Assam)। শিবিৰে শিবিৰে বানাক্ৰান্ত ৰাইজৰ মাজত এমুঠি অন্নৰ বাবে হাহাকাৰ লাগিছে । সেইসকল বানাক্ৰান্ত ৰাইজক চৰকাৰে সহায় কৰাৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনত ঘোঁৰা কিনা বেচাত ব্যস্তহে পৰিছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৰ পিচদিনাই অৰ্থাৎ আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে একে বিষয় লৈ ৷ অসমৰ সম্পদক নিজৰ বুলি ভাবি আহৰন কৰা কেন্দ্ৰীয় চৰকাৰক অসমৰ বান সমস্যাকো নিজৰ বুলি গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠন সমূহে ৷

লগতে পঢ়ক :নলবাৰীত বিজেপি কৰ্মীৰ দ্বাৰা অপদস্থ অখিল গগৈ

ABOUT THE AUTHOR

...view details