অসম

assam

এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিলে মাজুলীৰ এগৰাকী মহিলাই

By

Published : May 12, 2022, 7:07 PM IST

এছ আই জোনমণি ৰাভাৰ প্ৰসংগটো ক্ৰমাৎ অধিক চৰ্চাৰ বিষয় হৈ পৰিছে (SI Joonmoni Rabha controversy)৷ কোনোৱে যদি জোনমণি ৰাভাক এইসমূহত অভিযুক্ত বুলি বিবেচনা কৰিছে, আন কোনোৱে আকৌ ক’ব খুজিছে জোনমণি ৰাভাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলা বুলি ৷ তাৰ মাজতেই মাজুলীত জোনমণি ৰাভা ভাড়াতীয়া হিচাপে থকা ভাড়াঘৰৰ গৰাকীয়ে কৰিছে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য ৷

A woman from Majuli opens up against SI Joonmoni Rabha over embezzlement of money
এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিলে মাজুলীৰ এগৰাকী মহিলাই

মাজুলী, 12 মে’ : ধন আত্মসাতৰ অভিযোগত চৰ্চালৈ অহা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ নতুন আৰু চাঞ্চল্যকৰ তথ্য (SI Joonmoni Rabha controversy) ৷ এইবাৰ আন এগৰাকী মহিলাই মুখ খুলিছে জোনমণিৰ বিৰুদ্ধে ৷ মাজুলীত আৰক্ষী উপ-পৰিদৰ্শক হিচাপে চাকৰি কৰি থকা অৱস্থাত এইগৰাকী মহিলাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল জোনমণি ৰাভা ৷ তাতেই জোনমণিৰ চিনাকী হৈছিল মহিলা গৰাকীৰ ভাতৃ অজিত বৰাৰ সৈতে ৷ মহিলাগৰাকীয়ে জনোৱা মতে, এদিন ভাড়াঘৰৰ মালিক মহিলাগৰাকীক জোনমণিয়ে কয় ৰাণা পগাগৰ বিষয়ে ৷ এদিন চিনাকী কৰায়ো দিলে যে, ৰাণাৰ লগতে বিয়াত বহিব জোনমণি ৷

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, চিনাকীৰ পাচতে জোনমণিৰ ভাড়াঘৰলৈ সঘন আহ-যাহ আৰম্ভ হয় ৰাণা পগাগৰ ৷ প্ৰথমে দিনে-পোহৰেই আহ-যাহ চলিছিল যদিও লাহে লাহে নিশা 3 বজাতো আহিবলৈ ল’লে ৰাণা ৷ নিজকে ৰাণাই পৰিচয় দিছিল অ’ এন জি চিৰ বিষয়া হিচাপে ৷ ভাড়াঘৰৰ মালিকনীয়ে জোনমণিক আপত্তি দৰ্শাইছিল ৰাণা নিশা অহা কথাটোক লৈ ৷ তেতিয়া জোনমণিয়ে কৈছিল অফিচৰ কামৰ বাবে নিশা আহিবলগীয়া হয় ৰাণা ৷

এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিলে মাজুলীৰ এগৰাকী মহিলাই

লাহে লাহে জোনমণিৰ ৰূমলৈ ৰাণাৰ সঘন আহ-যাহে অতিষ্ঠ কৰিলে ঘৰৰ গৰাকীক ৷ তেওঁ জোনমণিক নিজৰ চৌহদতে থকা এটা সুকীয়া কোঠা ভাড়ালৈ দি নিজৰ ঘৰৰ সৈতে সংলগ্ন কোঠাটো আন এগৰাকী মহিলাক দিয়ে ৷

লগতে পঢ়ক:ভাইৰেল ফোন ৰেকৰ্ডিঙে বিপদত পেলাব নেকি চৰ্চিত আৰক্ষী বিষয়া জোনমণিক

সুকীয়া কোঠাটোত এটা সৰু কাৰ্যালয় সাজি ল’লে ৰাণা পগাগে ৷ ইয়াতেই বিভিন্ন মানুহৰ পৰা ঠিকা-দিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে ৰাণাই ৷ এই সকলো কামৰে সাক্ষী আছিল জোনমণি ৷ মাজুলীলৈ যোৱাৰ পাচত হঠাতে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰিছিল জোনমণি ৷ কিনিছিল বিলাসী গাড়ীও ৷ যিটো সাধাৰণ ৰাইজৰো চকুত পৰিছিল ৷ এই কথাবোৰ সংবাদ মাধ্যমৰ আগত খোলোচা কৰিছে ভাড়াঘৰটোৰ স্বত্বাধিকাৰী মহিলাগৰাকীয়ে (Allegation against SI Joonmoni Rabha)৷

আনকি, অফিচৰ কাম থকা বুলি লাডাখলৈও ৰাণাৰ সৈতে ফুৰিবলৈ গৈছিল জোনমণি ৷ ভাড়াঘৰৰ গৰাকীৰ ভাতৃৰ অজিত বৰাৰ পৰাও 30 হাজাৰ টকা ঠিকা দিয়াৰ নামত লৈছিল ৰাণা পগাগে ৷ সেই টকা নিজ হাতেৰে গণনা কৰিছিল জোনমণি ৰাভাই ৷ কিন্তু মাজুলী এৰাৰ সময়ত ভাড়াঘৰৰ এমাহৰ ভাড়াও জোনমণিয়ে অনাদায় কৰি অহা বুলি কয় মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক :ওলোটা খৰ : জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ

শেহতীয়াকৈ ৰাণা পগাগৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি জোনমণিয়ে নিজেই এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰো কৰা হয় ৰাণাক (Rana Pogag arrested)৷ কিন্তু ৰাণাক গ্ৰেপ্তাৰৰ পাচতে ঘটনাটোৱে নতুন মোৰ লৈছে ৷

ৰাণাৰ সৈতে মিলি প্ৰৱঞ্চনা আৰু ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে ৷ ভাইৰেল হৈছে ধনৰ বাবে কৰা কেইবাটাও ফোন কল ৰেকৰ্ডিং ৷ দুগৰাকী মাজুলীৰ ব্যৱসায়ীয়ে অভিযোগ কৰিছে জোনমণি ৰাভাৰ একাউন্টত আৰু তেওঁৰ হাতত ধন দিয়া বুলি ৷

বহুতেই সন্দেহ কৰিছে যে, নিজক বচাবলৈ ভাবি স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰোৱাইছে জোনমণিয়ে ৷ সঁচাকৈয়ে জোনমণি জড়িত আছিল নেকি এই প্ৰৱঞ্চনাৰ ঘটনাত ? ভুক্তভোগীয়ে কিয় বাৰে বাৰে নাম লৈছে জোনমণি ৰাভাৰ ? ঘটনাৰ ৰহস্য ওৰ পৰিব আৰক্ষীৰ সঠিক তদন্তৰ পাচতহে ৷

লগতে পঢ়ক :অভিযোগ প্ৰমাণ হ’লে ৰেহাই নাপায় এছ আই জোনমণি ৰাভাই

ABOUT THE AUTHOR

...view details