অসম

assam

শিক্ষাক ৰাজনীতিকৰণ কৰিব নালাগে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে

By

Published : Sep 22, 2022, 4:20 PM IST

vp-jagdeep-dhankhar-inaugurates-lokmanthan-2022-in-guwahati

বৃহস্পতিবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম পৰ্যটন নিগম আৰু প্ৰজন্ন প্ৰভাৰ উদ্যোগত অনুষ্ঠিত হোৱা লোকমন্থন উৎসৱটি উদ্বোধন কৰে (VP Jagdeep Dhankhar inaugurates Lokmanthan 2022) । অনুষ্ঠানত তেখেতে ভাৰতবৰ্ষৰ পুৰণি বৰ্ণময় সভ্যতা আৰু ধৰ্মীয় ইতিহাসৰ বিষয়ে চমু আলোকপাত কৰে ।

গুৱাহাটী, 22 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Srimanta Sankaradeva Kalakshetra) অসম পৰ্যটন নিগম আৰু প্ৰজন্ন প্ৰভাৰ উদ্যোগত অনুষ্ঠিত হোৱা লোকমন্থন উৎসৱটিৰ শুভ উদ্বোধন কৰে (VP Jagdeep Dhankhar inaugurates Lokmanthan 2022) । উদ্বোধনী অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে (Vice President Jagdeep Dhankhar) কয় যে এই লোক মন্থন উৎসৱ তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে । এইবাৰ লোক মন্থন উৎসৱ সঠিক ঠাইত অনুষ্ঠিত হৈছে (3rd edition of Lokmanthan 2022 in Guwahati) ।

লগতে তেওঁ ভাৰতবৰ্ষৰ পুৰণি বৰ্ণময় সভ্যতা আৰু ধৰ্মীয় ইতিহাসৰ বিষয়ে চমু আলোকপাত কৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে বিধানসভাত সকলো জনপ্ৰতিনিধিয়ে নিয়ম মানি চলিব লাগে । বিধানসভাত হোৱা আলোচনাবোৰ ৰাজপথলৈ আনিব নালাগে । তেওঁ লগতে কয় যে সমাজত সকলোতকৈ ডাঙৰ দায়িত্ত্ব সমাজৰ সচেতন নাগৰিক সকলৰ আছে । উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়- শিক্ষা সাৰ্বজনীন । শিক্ষাক ৰাজনীতিকৰণ কৰিব নালাগে (VP Jagdeep Dhankhar comments on Educartion)" ৷

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত এই উৎসৱৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰতিফলিত কৰায়ে প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে । তেওঁ ভাষণত কয় যে পুৰণি কালৰ পৰা ভাৰত এখন ঐক্যবদ্ধ দেশ আছিল । বিশ্বত সনাতন সভ্যতা চহকী সভ্যতা হিচাপে বিদ্যমান । তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ চহকী সংস্কৃতি আৰু সভ্যতাৰ বিষয়ে আলোচনা কৰে ।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়, ‘‘দেশত বাওপন্থী আৰু ধৰ্মনিৰপেক্ষ লোকৰ আক্ৰমণ বৃদ্ধি পাইছে । আমি তেওঁলোকক উত্তৰ দিব লাগিব ।" অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে লোকমন্থন অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ অন্য প্ৰান্তৰ লোকৰ মাজত সম্বন্বয়ৰ সেঁতু গঢ়ি তুলিব । দেশত এয়া এক মিছন হিচাপে লব লাগে বুলি তেও মন্তব্য কৰে ।

উল্লেখ্য যে, লোক মন্থন উৎসৱত বিভিন্ন বিষয়ত আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা লোক মন্থন উৎসৱৰ অহা ২৪ ছেপ্টেম্বৰত সামৰণি পৰিব ।

লগতে পঢ়ক:"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

ABOUT THE AUTHOR

...view details