অসম

assam

চীনা সৈন্যৰ দ্বাৰা অৰুণাচলী লোকক অপহৰণৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰসংঘত অভিযোগ

By

Published : Apr 20, 2022, 10:13 PM IST

চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ২০১৫ চনৰ ১১ ছেপ্টেম্বৰত ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ ছি-য়োমি জিলাৰ পৰা অপহৰণ কৰিছিল তাপৰ পুলমৰ(Tapor Pullom of Arunachal Pradesh) নামৰ এজন লোকক ৷ কিন্তু বিগত 6 বছৰে কোনো সন্ধান নাই লোকজনৰ । শেহতীয়াকৈ চীন চৰকাৰৰ লগত আলোচনা কৰি তাপৰ পুলমক পুনৰ ওভতাই অনাৰ বাবে ৰাষ্ট্ৰসংঘত আবেদন কৰিছে আৰ আৰ এ জিয়ে ।

rights group raises abduction of arunachal youth by chinese pla with un
অৰুণাচলত চীনৰ অপহৰণৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰসংঘত অভিযোগ

গুৱাহাটী, ২০ এপ্ৰিল : দ্যা ৰাইটছ এণ্ড ৰিস্ক এনালাইছিচ গ্ৰুপে (আৰ আৰ এ জি)য়ে মঙলবাৰে অৰুণাচল প্ৰদেশৰ তাপৰ পুলমৰ অপহৰণ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কাৰ্যকৰী গোটৰ ওচৰত অভিযোগ দাখিল কৰিছে । চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পি এল এ) ২০১৫ চনৰ ১১ ছেপ্টেম্বৰত ভাৰত-চীন সীমান্তৰ ওচৰৰ অৰুণাচল প্ৰদেশৰ ছি-য়োমি জিলাৰ (পূৰ্বৰ পশ্চিম চিয়াং জিলা) মনিগং চক্ৰৰ অন্তৰ্গত তাজি বোগো পাছৰ পৰা তাপৰ পুলমক(Tapor Pullom of Arunachal Pradesh) অপহৰণ কৰিছিল ।

চীনা পি এল এয়ে অৰুণাচলৰ তাপৰ পুলমক অপহৰণৰ সময়ত তেওঁৰ অৱস্থান আজিও অজ্ঞাত হৈ আছে । তাপৰ পুলমৰ পৰিয়ালৰ সদস্যসকলে ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগতে ইয়াৰ অন্তৰ্গত সংস্থাসমূহক তাপৰ পুলমক ঘূৰাই আনিবলৈ বাৰে বাৰে অনুৰোধৰ কৰিও ব্যৰ্থ হয় । পি এল এৰ সেনাই প্ৰায়ে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে আৰু থলুৱা জনজাতীয় লোকসকলক অপহৰণ কৰে ।

চলিত বৰ্ষৰ ১৮ জানুৱাৰীত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ লুংটা জোৰ অঞ্চলৰ পৰা চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে মিৰাম টাৰন নামৰ এজন অৰুণাচলী যুৱকক অপহৰণ কৰি নিছিল(PLA Kidnapped Arunachal youth) । অৱশ্যে ইয়াৰ ৯ দিন পিছত তেওঁক ভাৰতীয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গটাই দিছিল । একেদৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ নাচো চাৰ্কোলৰ পৰা তনু বাকাৰ, প্ৰসাদ ৰিংলিং, নগাৰু দিৰি, ডংটু এবিয়া আৰু টচ চিংকাম নামৰ পাঁচজন অৰুণাচলী যুৱকক পি এল এয়ে অপহৰণ কৰি ১২ ছেপ্টেম্বৰত মুকলি কৰি দিছিল ।

অৰুণাচলত চীনৰ অপহৰণৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰসংঘত অভিযোগ

সুদীৰ্ঘ ২০১৫ চনৰ পৰা অপহৃত হৈ থকা তাপৰ পুলমৰ পৰিয়ালৰ তৰফৰ পৰা অধিকাৰ লাভ কৰাৰ পাছত আৰ আৰ এ জিৰ সঞ্চালক সুহাস চাকমাই ৰাষ্ট্ৰসংঘৰ কাৰ্যকৰী গোটৰ ওচৰত তেওঁক সুৰক্ষিতভাৱে মুক্তি দিয়াৰ বাবে চীন চৰকাৰৰ লগত আলোচনা কৰিবলৈ অনুৰোধ জনাইছে । আৰ আৰ এ জিৰ সঞ্চালক সুহাস চাকমাই জানিবলৈ দিয়া অনুসৰি, বিগত ছয় বছৰ ধৰি নিৰুদ্দেশ হৈ থকা তাপৰ পুলমৰ পত্নীৰ ইতিমধ্যে মৃত্যু হৈছে ।

টাপ'ৰ পুল'মৰ পাঁচটা সন্তান আৰু এগৰাকী কন্যাই তেওঁলোকৰ পিতৃ এতিয়াও জীয়াই আছে বুলি বিশ্বাস কৰে আৰু তেওঁ ঘূৰি অহাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । পিতৃৰ অন্তহীন অপেক্ষাত গোটেই পৰিয়ালটোৰ বাবে অতি বেদনাদায়ক বুলি উল্লেখ কৰি আৰ আৰ এ জিৰ সঞ্চালক সুহাস চাকমাই কয় যে চীন চৰকাৰৰ সৈতে তৎক্ষণিকভাৱে আলোচনা কৰি তাপৰ পুলমক মুকলি কৰাৰ ব্যৱস্থা কৰিব লাগে ।

লগতে পঢ়ক :Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details