অসম

assam

গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে

By

Published : Sep 16, 2022, 7:09 PM IST

Updated : Sep 16, 2022, 8:57 PM IST

Power minster of Assam
গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে

শেহতীয়াকৈ হঠাতে বিদ্যুৎ মাচুল অত্যাধিক বৃদ্ধি পোৱাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Electricity bill hike in Assam) । বিশেষকৈ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত একেবাৰে জ্ঞাত নহয় শক্তিমন্ত্রী নন্দিতা গাৰ্লোচা ৷

গুৱাহাটী, 16 ছেপ্তেম্বৰ: ৰাজ্যৰ শক্তি মন্ত্ৰী কোন বুলি সুধিলে আপুনি নিশ্চয় ক’ব নন্দিতা গাৰ্লোচা (Power minster of Assam)। কিন্তু শক্তিমন্ত্ৰী হ’লেও বিভাগৰ কথা নাজানে নন্দিতা গাৰ্লোচাই । বৰং শক্তি মন্ত্ৰীৰ দায়িত্বত নাথাকিলেও বিভাগটোৰ কথা জানে জলসম্পদকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাইহে (Excessive increase in electricity tariffs)।

উল্লেখ্য যে, শেহতীয়াকৈ হঠাতে বিদ্যুৎ মাচুল অত্যাধিক বৃদ্ধি পোৱাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Electricity bill hike in Assam) । বিশেষকৈ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈছে । আনকি বিধানসভাৰ বৰ্ষাকালীন অধিবেশনতো (Assam assembly autumn session)এই বিষয়টো উত্থাপন হৈছে আৰু বিৰোধীয়ে ইয়াকলৈ তীব্ৰ প্ৰতিবাদ কৰিছে ।

লক্ষণীয় বিষয় যে, হঠাতে বিদ্যুৎ মাচুল বৃদ্ধি পোৱা এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত একেবাৰে জ্ঞাত নহয় শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা (Power minister Nandita Garlocha) । আজি বিধানসভা চৌহদত এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী নন্দিতা গাৰ্লোচাই বিষয়টো এৰাই চলিব বিচাৰে । প্ৰত্যক্ষ উত্তৰ দিয়াৰ বিপৰীতে তেওঁ কয় যে, বিষয়টো চাই থকা হৈছে । ইয়াৰ বাবে কমিটী গঠন কৰাৰ কথা তেওঁ উল্লেখ কৰে (Nandita Garlocha on electricity bill)।

গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাছুল বাঢ়িছে

লগতে পঢ়ক:ৰহাত নগাঁও জিলা আক্ৰাছুৰ প্ৰতিবাদ: প্ৰধান মন্ত্ৰীৰ জুমুঠি দাহ

বিভাগীয় মন্ত্ৰীৰ এনে দায়সৰা আৰু অজ্ঞতাপূৰ্ণ মন্তব্যৰ বিপৰীতে আন বিভাগৰ দায়িত্বত থকাৰ পাছতো বিষয়টো সন্দৰ্ভত স্পষ্ট মন্তব্য কৰে । মন্ত্ৰী পীযুষ হাজৰিকা কয় যে, বৰ্তমান বিদ্যুৎ মাচুলৰ হাৰ ৫ শতাংশ বৃদ্ধি পাইছে । গেছ-তেল আদিৰ দাম বৃদ্ধি পোৱা বাবেহে এই বৃদ্ধি হৈছে । দুই-তিনি মাহ পাছত এই হাৰ কম হৈ যাব ।

মাচুল বৃদ্ধিৰ আন কাৰণ সন্দৰ্ভত তেওঁ কয় যে, জুলাই মাহতকৈ আগষ্ট মাহত গৰম বহু বেছি হোৱাত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু ফলত মাচুল বেছি হৈছে (Pijush Hazarika on increase in electricity tariffs) ।

আনহাতে, নতুনকৈ লগোৱা কিছুমান স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবে মাচুল বৃদ্ধি পাইছে বুলিও কয় মন্ত্ৰী হাজৰিকাই । এই সন্দৰ্ভত এ পি ডি চি এলে সকলো কথা ক'ব বুলি তেওঁ সদৰী কৰে । মন্ত্ৰী পীযুষ হাজৰিকাই বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ালে যদিও বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই কিন্তু এই ক্ষেত্ৰত নিজৰ ব্যৰ্থতা দাঙি ধৰিলে । সেইবাবেই প্ৰশ্ন উত্থাপন হৈছে যে শক্তিমন্ত্ৰী প্ৰকৃতে কোন ৷

লগতে পঢ়ক:চিৰাঙৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰীৰ জুমুঠি

Last Updated :Sep 16, 2022, 8:57 PM IST

ABOUT THE AUTHOR

...view details