অসম

assam

নুনমাটি শোধনাগাৰৰ মহাপ্ৰৱন্ধকক গ্ৰেপ্তাৰ

By

Published : Aug 31, 2022, 10:58 PM IST

নুনমাটি শোধনাগাৰত দীৰ্ঘদিন ধৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি মনিকা আনন্দ নামৰ এটা ভুৱা একাউণ্ট খুলি ই-মেইলৰ পৰা ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰে ঝাই (False email by Birendra Jha) । ভুৱা ই-মেইল প্ৰেৰণৰ অভিযোগত নুনমাটি আৰক্ষীয়ে বুধবাৰে গুৱাহাটী শোধনাগাৰৰ চৌহদৰ পৰা মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে ।

Etv Bharat
Etv Bharat

গুৱাহাটী, 31 আগষ্ট: নুনমাটি তেল শোধনাগাৰত দুর্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি ভুৱা ই-মেইল একাউণ্ট খুলি অপপ্ৰচাৰৰ চলাই অৱশেষত আৰক্ষীৰ জালত পৰিল খোদ শোধনাগাৰৰে এজন মহাপ্ৰৱন্ধক (IOC general manager arrested)। মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰা জেনেৰেল মেনেজাৰজন হৈছে গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা (Noonmati refinery GM arrested for fraud) ।

আৰক্ষী সূত্ৰই জনোৱা মতে, নুনমাটি শোধনাগাৰত দীৰ্ঘদিন ধৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি মনিকা আনন্দ নামৰ এটা ভুৱা একাউণ্ট খুলি ই-মেইলৰ পৰা ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰে ঝাই (False email by Birendra Jha) । অভিযোগ পত্ৰ লাভ কৰি ভাৰতীয় তেল নিগম চমুকৈ আই অ’ চিয়ে ঘটনা সন্দৰ্ভত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষক তদন্তৰ নিৰ্দেশ দিয়ে ।

নুনমাটি শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক হীতাজী ভট্টাচার্যই ঘটনা সন্দৰ্ভত যোৱা ৩ জুনত নুনমাটি থানাত এজাহাৰ দাখিল কৰে (Fir on false email)। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 417/419/190/50৬ নং ধাৰা আৰু ৬৬/৬৬ (ডি) আইটি এক্টৰ অধীনত থানাত ২৬৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ প্ৰাথমিক তদন্তত 60023 92426 নম্বৰৰ ফোনৰ পৰা আই অ' চিৰ শীৰ্ষ বিষয়ালৈ ই-মেইল প্ৰেৰণ কৰিছিল বুলি নিশ্চিত তথ্য লাভ কৰে ।

এই 60023 92426 নম্বৰৰ ম’বাইল ফোনৰ গৰাকী গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা বুলি আৰক্ষীয়ে ধৰা পেলায় । নুনমাটি আৰক্ষীয়ে বুধবাৰে গুৱাহাটী শোধনাগাৰৰ চৌহদৰ পৰা মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে । ধৃত বীৰেন্দ্ৰ কুমাৰ ঝাক আৰক্ষীয়ে কামৰূপ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় । আদালতে ধৃত মহাপ্ৰৱন্ধকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:NCRB ৰ প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

ABOUT THE AUTHOR

...view details