অসম

assam

ৰাজ্যৰ স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ নতুন নামকৰণ

By

Published : Jan 24, 2022, 8:20 AM IST

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ই সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰে (CM review meeting on Education Department) ।

cm-review-meeting-on-education-department
শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে আলোচনাত মিলিত মুখ্যমন্ত্ৰী

গুৱাহাটী, 24 জানুৱাৰী :দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ই সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰে (CM review meeting on Education Department) । এই বৈঠকত বিষয়াসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই বৈঠকত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুও উপস্থিত থাকে (Education Minister Dr. Ranoj pegu attend) ৷

শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে আলোচনাত মিলিত মুখ্যমন্ত্ৰী

এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি 'স্নাতক শিক্ষক' আৰু 'স্নাতকোত্তৰ শিক্ষক'ৰ নামকৰণ বাতিল কৰি এতিয়াৰে পৰা সকলো বিদ্যমান পদক 'বিদ্যালয় শিক্ষক' হিচাপে জনা যাব । এতিয়াৰে পৰা ' বিদ্যালয় শিক্ষক' পদৰ বাবে স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলকহে যোগ্য বুলি ধৰা হ'ব ৷ লগতে এই বৈঠকত 2022 চনৰ মাৰ্চ মাহত বিদ্যালয়সমূহৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰোপৰি শিক্ষক নিযুক্তি সম্পৰ্কীয় সকলো নিয়ম সংশোধনৰ বাবে এখন সমিতিও গঠন কৰা হ'ব বুলি এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

2022 চনৰ এপ্ৰিল মাহৰ ভিতৰত নতুন বিদ্যালয়ৰ ভৱন উদ্বোধন কৰিব পৰা যায় তাৰ বাবে চাহ বাগিচাৰ নিৰ্মায়মান সকলো উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি জানিব পৰা গৈছে । আনহাতে, চাহ বাগিচা ব্যৱস্থাপনাই পৰিচালনা কৰা 399 খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ'ব । তদুপৰি এই বৈঠকত আদৰ্শ বিদ্যালয় নিৰ্মাণৰ অগ্ৰগতি, নিযুক্তি সম্পৰ্কীয় বিষয়, শিক্ষাৰ্থীসকলৰ টিকাকৰণ আৰু শিক্ষকৰ পেঞ্চন সম্পৰ্কীয় বিষয় সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় ।

লগতে পঢ়ক :আৰক্ষীৰ কোনো বে’ আইনী কামেই সহ্য কৰা নহ'ব : জি পি সিং

ABOUT THE AUTHOR

...view details