অসম

assam

গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

By

Published : Jun 25, 2020, 9:16 PM IST

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে বহি নাথাকে অসম আৰক্ষী বুলি সাংবাদিকৰ আগত প্ৰথম বাৰৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

DSP Bhaskar Jyoti Mahanta Attended At 4th APBN Programe
গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

গুৱাহাটী, 25 জুনঃবৃহস্পতিবাৰে অন্ত পৰে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰৰ 4th APBNৰ প্ৰশিক্ষণ কাৰ্যসূচী ৷ অন্তিম কাৰ্যসূচীত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷

গৰ্গ চেটাৰ্জী সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

উল্লেখ্য যে, অন্ত পৰিল অসম আৰক্ষীৰ নৱনিযুক্ত উপ আৰক্ষী অধীক্ষকৰ প্ৰশিক্ষণ ৷ অন্তিম কাৰ্যসূচীত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷ এই অন্তিম কাৰ্যসূচীত অসম আৰক্ষীৰ নৱ নিযুক্ত উপ আৰক্ষী অধীক্ষকৰৰ প্ৰশিক্ষণ 4th APBNত উপ আৰক্ষী অধীক্ষকৰ সকলক আদৰণী জনাই আৰক্ষী সঞ্চালক প্ৰধান ভস্কৰজ্যোতি মহন্তই ৷ পেৰেডৰ জৰিয়তে সঞ্চালক গৰাকীকো সম্ভাষণ জনায় উপ আৰক্ষী অধীক্ষকৰ সকলে ৷ এই অনুষ্ঠানতে উপ আৰক্ষী অধীক্ষক সকলক বিভিন্ন শিতানত আগবঢ়োৱা হয় পুৰষ্কাৰ ৷ আনহাতে 44th Batchৰ মুঠ ৩ গৰাকী উপ আৰক্ষী অধীক্ষকক অসম আৰক্ষীলৈ আদৰণী জনোৱা হয় ৷ তিনিওগৰাকী ক্ৰমে ফুলকন নাৰ্জাৰী,অনুবজ্যোতি বৰা আৰু হেমন্ত কুমাৰ বৰুৱা ৷

আৰক্ষী সঞ্চালক প্ৰধান প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সাংবাদিকৰ আগত প্ৰথম বাৰৰ বাবে মুখ খুলিছে ৷ তাৰোপৰি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে বহি নাথাকে অসম আৰক্ষী বুলিও কয়৷ ইতিমধ্যে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ বংগ আৰক্ষীক নিৰ্দেশ দিছে আদালতে বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷

ABOUT THE AUTHOR

...view details