অসম

assam

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Mar 14, 2020, 11:20 PM IST

শণিবাৰে গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলা পৰিষদৰ সভাকক্ষত কৰ'ণা ভাইৰাছ সংক্ৰান্তত জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । য'ত আৰক্ষী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, আভ্যন্তৰীণ জল পৰিবহন, উত্তৰ-পূৱ সীমান্ত ৰে'লৱে, বিমানবন্দৰ কৰ্তৃপক্ষ, এনডিআৰএফ, এছডিআৰএফ আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 14 মাৰ্চ :শণিবাৰে গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলা পৰিষদৰ সভাকক্ষত কৰ'ণা ভাইৰাছ সংক্ৰান্তত জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । য'ত আৰক্ষী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, আভ্যন্তৰীণ জল পৰিবহন, উত্তৰ-পূৱ সীমান্ত ৰে'লৱে, বিমানবন্দৰ কৰ্তৃপক্ষ, এনডিআৰএফ, এছডিআৰএফ আদি বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

কৰ'ণা ভাইৰাছ ৰোধ আৰু ইয়াৰ পূৰ্বে ল'বলগীয়া সতৰ্কতা সম্পৰ্কে এই বৈঠকত বিস্তৃত ৰূপত আলোচনা কৰা হয় । কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । হোটেল-ৰেষ্টুৰেণ্ট, শ্বপিং মল, চিনেমা হ'ল আদিৰ কৰ্তৃপক্ষৰ সৈতে কৰ'ণাৰ সতৰ্কতামূলক ব্যৱস্থা হাতত ল'বলৈ বিভাগৰ অতিৰিক্ত উপায়ুক্তক দায়িত্ব দিয়ে ।

কৰ'ণা ভাইৰাছক লৈ বিশেষ বৈঠক

লগতে স্বাস্থ্য বিভাগক ১০৮ আৰু ১০২ সেৱা প্ৰতিটো মূহুৰ্ততে প্ৰস্তুত হৈ থাকিবলৈও নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে । তাৰোপৰি কৰ'ণা ভাইৰাছ সংক্ৰান্তত যিকোনো পৰিস্থিতি উদ্ভৱ হ'লে তাৰ লগত মোকাবিলা কৰিব পৰাকৈ চক্ৰ পৰ্যায়ত একোটাকৈ ৰেপিড এক্সন ফৰ্চ গঠন কৰাৰো নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । ইফালে উক্ত বৈঠকত শিক্ষানুষ্ঠান, কাৰ্যালয়সমূহত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো বিভাগক তৎকালীন পদক্ষেপ ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰে দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ। ১০৭৭ আৰু ০৩৬১ ২৭৩৩০৫২ নম্বৰত যোগাযোগ কৰি কৰ'ণা সংক্ৰান্তত যিকোনো তথ্য অথবা পৰামৰ্শ জানিব পাৰিব ৰাইজে ।

ABOUT THE AUTHOR

...view details