গুৱাহা়টী, 6 জানুৱাৰী : ক’ভিড-19এ পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও অসমত লক ডাউন ঘোষণা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (No lockdown in Assam) ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে এই কথা ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লক ডাউন ঘোষণা কৰা নহয় যদিও সাধাৰণ লোকৰ জীৱন আৰু জীৱিকাৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁ কয় যে, সকলোয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হ'ব । বজাৰত ভিৰ কৰিবলৈ দিয়া নহ'ব । যিসকলে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ নিয়ম আৰোপ কৰা হ'ব ।