অসম

assam

Mob lynching in Jorhat : দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী কংগ্ৰেছৰ

By

Published : Nov 30, 2021, 10:13 PM IST

ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্রেছ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া(APCC president Bhupen Bora on mob lynching in Jorhat) । ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ ৷

apcc-president-bhupen-bora-on-mob-lynching-in-jorhat
Mob lynching in Jorhat : দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, ৩০ নবেম্বৰ : যোৰহাটৰ মাজ মজিয়াত সোমবাৰে ছাত্ৰ নেতা অনিমেষ ভূঞাক একাংশ দুস্কৃতিকাৰীয়ে বৰ্বৰ ভাৱে হত্যা কৰা(mob lynching in Jorhat) জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president reacts on mob lynching in Jorhat) । এই জঘন্য ঘটনাত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনাইছে।

ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হৈছে আৰু যাৰ বাবে দৈনন্দিন আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অসাধু লোকে আইন হাতত তুলি ল'বলৈ সাহস কৰিছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয়-' আমি অসম প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা চৰকাৰলৈ দাবী জনাইছো যাতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰে।'

Mob lynching in Jorhat : দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী কংগ্ৰেছৰ

ইতিমধ্যে, প্ৰদেশ কংগ্রেছৰ সভাপতিৰ আহ্বানমৰ্মে প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা গোলাঘাট জিলা কংগ্ৰেছৰ এটি সজাতি দলে ছাত্ৰ নেতা অনিমেশ ভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰদেশ কংগ্ৰেছে ২০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক সংস্থাপন দিবলৈ দাবী জনায়(APCC demands financial aid to Animesh Bhuyans family) ।

লগতে পঢ়ক :Mob Lynching at Jorhat : বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তদন্তৰ দায়িত্ব

ABOUT THE AUTHOR

...view details