ETV Bharat / city

Mob Lynching at Jorhat : বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তদন্তৰ দায়িত্ব

author img

By

Published : Nov 30, 2021, 7:09 PM IST

Updated : Dec 1, 2021, 12:25 PM IST

সোমবাৰে যোৰহাটত সংঘটিত অনিমেষ ভূঞাৰ হত্যাকাণ্ড(Mob lynching at Jorhat)ই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছ’চিয়েল মিডিয়াতো দেখা গৈছে প্ৰতিবাদৰ জোৱাৰ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই গোচৰৰ দায়িত্ব অৰ্পণ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙক (GP Singh to probe Jorhat mob lynching) ৷

Mob lynching at Jorhat
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তদন্তৰ দায়িত্ব

গোলাঘাট, 30 নৱেম্বৰ: মঙলবাৰে যোৰহাটৰ ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল এজন ছাত্ৰ নেতাক । দুৰ্ঘটনাত পতিত হোৱা এজন বৃদ্ধক ৰক্ষা কৰিবলৈ গৈছিল আছু নেতাগৰাকীয়ে । তেতিয়াই একাংশ দানৱৰূপী মানুহে নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে ছাত্ৰ নেতাজনক ৷ নৃশংসতাৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱা অনিমেষ ভূঞা ব্ৰহ্মপুত্ৰ (Animesh Bhuyan Jorhat) আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক । যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত নৃশংস ঘটনাটোক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ (Mob lynching condemned) সমান্তৰালকৈ সৰ্বস্তৰৰ ৰাইজে ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ৷

Mob lynching at Jorhat
যোৰহাটৰ ৰাজপথত মৰিয়াই মৰিয়াই হত্যা এজন ছাত্ৰ নেতাক

এই ঘটনাত নৃশংসতাৰ স্বীকাৰ হৈ মৃত্যুক সাৱটি লোৱা দেৰগাঁৱৰ 1 নং খকণ্ডগুৰি গাঁৱৰ ছাত্ৰ সন্থাৰ কৰ্মী, নিৰপৰাধী যুৱক অনিমেষৰ ঘৰখন তথা গাঁৱখনত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ৷ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দৰে দায়িত্বত থকা নিৰ্জু প্ৰকৃতিৰ অমায়িক, মেধাৱী যুৱকজন অঞ্চলটোৰ এজন জনপ্ৰিয় যুৱক আছিল ৷ সাহিত্য চৰ্চাত ৰাপ থকা অনিমেষে মহাবাহু প্ৰেছ নামেৰে এটি ব্যৱসায়িক প্ৰতিষ্ঠান খুলি নিজৰ লগতে আন দহজনকো সংস্থাপনৰ পথ দেখুৱাইছিল ৷

লগতে চাওক: Jorhat mob lynching case: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ব্যৱসায়িক কামৰ বাবে যোৰহাটলৈ গৈ মানুহৰূপী এদল বৰ্বৰৰ আক্ৰমণৰ সন্মুখীন হৈ অকাল মৃত্যুক সাৱটিব লগা অনিমেষ নবীন ভূঞাৰ দুই পুত্ৰৰ ভিতৰত জ্যেষ্ঠ আছিল ৷ পুত্ৰশোকত বাকৰুদ্ধ হৈ পৰিছে মাতৃ হীৰা ভূঞা, ভাতৃ অলকেশ ভূঞাৰ লগতে সমগ্ৰ পৰিয়ালটো ৷ ২৭ বছৰীয়া যুৱকজনৰ নিথৰ দেহ আহি ঘৰ পোৱাৰ লগে লগে সহস্ৰ লোক সমবেত হৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ শোকাকূল পৰিৱেশৰ মাজত ৰাইজে অমানৱীয় ঘটনাটোক একেমুখে গৰিহণা দিয়াৰ লগতে অসম আৰক্ষী মূৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তদন্তৰ দায়িত্ব

উত্তেজিত ৰাইজে পলমকৈ অনিমেষৰ বাসগৃহত উপস্থিত হোৱা দেৰগাঁও আৰক্ষীকো ঘেৰাও কৰি বিধায়ক মৃণাল শইকীয়াক কঠোৰ সমালোচনা কৰে ৷ তদুপৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান নকৰিলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ মঙলবাৰে মাজনিশা গোলাঘাটৰ উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰে ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই সমস্ত ঘটনাৰ গোচৰৰ দায়িত্ব অৰ্পণ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙক (GP Singh to probe Jorhat mob lynching) ৷ ৰাজ্য চৰকাৰৰ হৈ মঙলবাৰে পুৱা অনিমেষৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ পৰিয়ালটোক ন্যায় লাভৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱাৰ কথা ব্যক্ত কৰে জন প্ৰতিনিধি দুগৰাকীয়ে ৷

লগতে চাওক: Jorhat Mob Lynching : গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস

Last Updated :Dec 1, 2021, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.