অসম

assam

AASU stages state wide protests: ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

By

Published : Dec 29, 2021, 8:07 PM IST

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা(Dibrugarh Police SP Shwetank Mishra) আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা ৷ আছুৰ সদস্যক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ (AASU stages state wide protests against alleged Dibrugarh police atrocities) ৷

AASU protest in Assam
ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

নিউজ ডেস্ক, 29 ডিচেম্বৰ :ডিব্ৰুগড়ৰ আছু সদস্য গ্ৰেপ্তাৰৰ ঘটনাক লৈ ৰাজ্যজুৰি ক্ষোভত জ্বলিছে ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মী সকল (AASU protest across Assam) ৷ ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা 24 ডিচেম্বৰত কাজিয়াৰ সূত্ৰপাত হয় সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত (College election clash between AASU and ACP) ৷ তাৰ পাচতে হতা-হতি লাগে দুয়োপক্ষৰ মাজত ৷ এই ঘটনাত দুয়োটা সংগঠনৰে সদস্য আঘাতপ্ৰাপ্ত হয় ৷ অসম ছাত্ৰ পৰিষদে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিবলৈ আহে আছুৰ সদস্য়ক ৷

ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আৰক্ষীয়ে আছুৰ সদস্যৰ ওপৰত নিৰ্যাতন চলোৱাৰ লগতে শ্বহীদ বেদীত জোতা পিন্ধি ভৰি থোৱা বুলি অভিযোগ তুলিছে আছু নেতৃত্বই ৷ এইদৰে শ্বহীদ ভৱনত আৰক্ষী প্ৰৱেশ কৰি আছুৰ সদস্যক প্ৰহাৰ কৰা ঘটনা অসমৰ ইতিহাসতে নজিৰবিহীন বুলি দাবী কৰিছে আছুৰ শীৰ্ষ নেতৃত্বই ৷

ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা(Dibrugarh Police SP Shwetank Mishra) আৰু তেওঁৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে প্ৰায় 15 গৰাকী আছুৰ সদস্যক আটক কৰে ৷ ইয়াৰে পাঁচজনক ইতিমধ্যে জেল হজোতলৈও প্ৰেৰণ কৰা হৈছে (AASU workers sent to jail in Dibrugarh)৷ কিন্তু শ্বহীদ ভৱনত অনাধিকাৰ প্ৰৱেশ তথা শ্বহীদবেদীক অপমান আৰু আছুৰ সদস্যক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৱে বিগত তিনিদিন ধৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

ইফালে আছুৰ সদস্যক কৰা আক্ৰমণৰ হিচাপ দিব লাগিব বুলিও সকীয়নি প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই (AASU Chief advisor Samujjal Bhattacharya on Dibrugarh incident) ৷ লগতে বিজেপি চৰকাৰৰ পৃষ্ঠপোষতাত অসম আৰক্ষী অধিক স্বৈৰাচাৰী হৈ উঠা বুলিও উল্লেখ কৰে মুখ্য উপদেষ্টা গৰাকীয়ে ৷ অতিশীঘ্ৰে আছুৰ সদস্য সকলক মুকলি কৰি দিয়াৰ লগতে শ্বহীদ বেদীক কৰা অপমানৰ বাবে আৰক্ষীক ক্ষমা খুজিবলৈও দাবী জনাই আছুৰ নেতৃত্বই ৷

ৰাজ্যজুৰি ক্ষোভত জ্বলিছে আছু

বুধবাৰে এই ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি দেখা গ’ল আছুৰ প্ৰতিবাদী কাৰ্যসূচী (AASU stages state wide protests against alleged Dibrugarh police atrocities)৷ কি উজনি কি নামনি ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ দুয়োপাৰৰ আছু কৰ্মী সকলে জিলাই জিলাই প্ৰতিবাদ জনাই আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৷ দৰঙ জিলাৰ মঙলদৈতো মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে মঙলদৈ ৰাজপথ উত্তাল কৰি তোলে আছুৰ সদস্য সকলে ।

একেদৰে ডিব্ৰুগড়তো আছুৰ বিশাল বিক্ষোভ কাৰ্যসূচী । ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই আছুৰ শ্বহীদ ভৱনক অপমান কৰা আৰু অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছু কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ । ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত আৰক্ষী অধীক্ষকজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ সদস্যসকলে । প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ অংশগ্ৰহণ । দুলীয়াজানত হ'বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত বাধা দিয়াৰ হুংকাৰ আছু নেতৃত্বতৰ ।

ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

ইফালে যোৰহাট, বোকাখাত, সৰুপথাৰ, গোলাঘাট, লখিমপুৰ, মাজুলী, বিশ্বনাথ আদিতো দেখা গৈছে আছু কৰ্মীৰ বিক্ষোভ ৷ একেমুখে সকলোৱে গৰিহণা দিছে ডিব্ৰুগড় আৰক্ষীৰ এই কাৰ্যক ৷ তাৰোপৰি আছু সদস্যকেইজনক বিনাচৰ্তে মুকলি কৰি দিবলৈও দাবী উত্থাপন কৰিছে আছুৰ বিভিন্ন জিলা সমিতিয়ে ৷ হোজাই জিলাতো দেখা গ’ল একেই পৰিৱেশ ৷ ডিব্ৰুগড়ৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিল বহু সংখ্যক আছু কৰ্মী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় আছু কৰ্মী সকলে ৷

আছুৰ বিক্ষোভৰ জুই জ্বলিছে গুৱাহাটীতো ৷ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ মহানগৰ প্ৰায় শতাধিক আছুকর্মীৰ । মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ । একেদৰে নলবাৰীতো প্ৰতিবাদত বহিল আছুৰ নেতা-কৰ্মী ৷ ছাত্ৰসন্থাৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ দিব লাগিব বুলি দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক :ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details