অসম

assam

অখিল গগৈৰ মুক্তিৰ অনুৰোধ লৈ প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি পৰেশ বৰুৱাৰ

By

Published : Apr 29, 2020, 9:55 AM IST

অসমৰ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ অনুৰোধ লৈ দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাই । ইতিমধ্যে ইটিভি ভাৰতৰ হাতত আহি পৰিছে সেই পত্ৰ ।

প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি পৰেশ বৰুৱাৰ
প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি পৰেশ বৰুৱাৰ

ডিব্ৰুগড়, ২৯ এপ্ৰিলঃ এইবাৰ অখিল গগৈৰ মুক্তিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মুকলি চিঠি । কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয়তাৰ খাতিৰত নেতাগৰাকীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে পৰেশ বৰুৱাই ।

প্ৰধানমন্ত্ৰীলৈ লিখা পৰেশ বৰুৱাৰ চিঠিখন
প্ৰধানমন্ত্ৰীলৈ লিখা পৰেশ বৰুৱাৰ চিঠিখন

পৰেশ বৰুৱাই লগতে উল্লেখ কৰে যে, অখিল গগৈ আৰু তেওঁৰ সতীৰ্থৰ ৰাজনৈতিক দৃষ্টিভংগী হয়তো অসম চৰকাৰৰ লগত পৃথক হ'ব পাৰে কিন্তু তেওঁলোক কোনো অপৰাধমূলক কাৰ্যকলাপৰ লগত জড়িত নহয় । সেয়ে মানৱীয়তাৰ খাতিৰত কাৰাবন্দী কৃষক নেতা আৰু তেওঁৰ সতীৰ্থক মুকলি কৰি দিবলৈ অনুৰোধ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে ।

লগতে পঢ়কঃচৰকাৰী সাহাৰ্যৰ 500 টকাৰ বাবেই মাতৃক ঘৰৰ পৰা বহিস্কাৰ কৰিলে দুই পুত্ৰই !

ABOUT THE AUTHOR

...view details