অসম

assam

Srimanta Sankardev Sangha Adhiveshan : সম্প্ৰীতি আৰু সমন্বয়ৰ বিৰল নিদৰ্শন

By

Published : Dec 6, 2021, 9:13 PM IST

Updated : Dec 6, 2021, 10:13 PM IST

2022 চনৰ ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 তম বাৰ্ষিক অধিৱেশন(Srimanta Sankardev Sangha Adhiveshan to be held at Naharkatiya) ৷ 40 লাখ ভক্তক আদৰিবলৈ সাজু হৈছে অধিবেশনৰ উদ্যোক্তাসকল ৷ শনিবাৰে অধিবেশনস্থলী পৰিদৰ্শনৰ বাবে উপস্থিত ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু বিধায়ক তৰংগ গগৈ(MLA Taranga Gogoi and Dibrugarh DC visit to the place) ৷

srimanta-sankardev-sangha-adhiveshan-to-be-held-at-naharkatiya
Srimanta Sankardev Sangha Adhiveshan : সম্প্ৰীতি আৰু সমন্বয়ৰ বিৰল নিদৰ্শন

মৰাণ, 6 ডিচেম্বৰ : আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিবেশন(Srimanta Sankardev Sangha Adhiveshan to be held at Nahakatiya) ৷ ফেব্ৰুৱাৰী মাহৰ 4, 5, 6 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটো নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে শনিবাৰৰ পৰা আৰম্ভ হৈছে অধিবেশনৰ যুদ্ধকালীন প্ৰস্তুতি ৷

বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া অধিবেশনৰ এই অধিবেশনস্থলীত শনিবাৰে নৰা কটা পৰ্বত অংশ লয় নাহৰকটীয়া মুছলমান সমাজে ৷ নাহৰকটীয়াৰ ৰঙালী পথাৰ মছজিদ কমিটিৰ সৌজন্যত প্ৰায় দুই শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অধিবেশনস্থলীত উপস্থিত থাকি নৰা কটাৰ লগতে চাফ-চিকুণ কৰে ঠাইডোখৰ ৷

সম্প্ৰীতি আৰু সমন্বয়ৰ বিৰল নিদৰ্শন

ইফালে শনিবাৰে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীসকলৰ সৈতে স্থানীয় বিধায়ক তৰংগ গগৈ আৰু ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে(MLA Taranga Gogoi and Dibrugarh DC visit to the place) পৰিদৰ্শন কৰিলে অধিবেশনস্থলী ৷ অধিবেশনস্থলী পৰিদৰ্শন কৰি জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক গৰাকীয়ে আদৰণী সমিতিক সকলো প্ৰকাৰৰ সহায়-সহযোগীতা আগবঢ়াই যাব বুলি আশ্বাস প্ৰদান কৰে ৷

ইতিমধ্যে এই অধিবেশনখন সফল আয়োজনৰ বাবে চেপ্তেম্বৰ মাহত নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰস্থিত ৰঙালী ৰূপালী মঞ্চত অনুষ্ঠিত এক ৰাজহুৱা সভাত গঠন কৰা হয় এখন উদযাপন সমিতি ৷

উল্লেখ্য যে চলিত বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন কৰ’ণা মহামাৰীৰ বাবে পিছুৱাই দিয়া হয় ৷ সম্প্ৰতি কৰ’ণা সংক্ৰমণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰ্ষত অধিবেশনখন সুন্দৰ আৰু সফলভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে অধিৱেশন সমিতিয়ে ৷

লগতে পঢ়ক :নাহৰকটীয়াত হ’ব শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

Last Updated : Dec 6, 2021, 10:13 PM IST

ABOUT THE AUTHOR

...view details