ETV Bharat / state

নাহৰকটীয়াত হ’ব শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

author img

By

Published : Sep 13, 2021, 9:06 AM IST

2022 চনৰ ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 তম বাৰ্ষিক অধিৱেশন(Srimanta Sankardev Sangha Adhiveshan) ৷ 40 লাখ ভক্তক আদৰিবলৈ সাজু হৈছে অধিৱেশনৰ উদ্যোক্তাসকল ৷

srimanta sankardev sangha adhiveshan to be held at naharkatiya
নাহৰকটীয়াত অনুষ্ঠিত হ’ব আগন্তুক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

মৰাণ, 13 ছেপ্তেম্বৰ : 2022 চনৰ ফেব্ৰুৱাৰী মাহত নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 তম অধিৱেশন(Srimanta Sankardev Sangha Adhiveshan)৷ অনুষ্ঠানটোৰ সফল আয়োজনৰ বাবে দেওবাৰে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰস্থিত ৰঙালী ৰূপালী মঞ্চত অনুষ্ঠিত এক ৰাজহুৱা সভাত গঠন কৰা হয় উদযাপন সমিতিখন ৷

srimanta sankardev sangha adhiveshan to be held at naharkatiya
নাহৰকটীয়াত অনুষ্ঠিত হ’ব আগন্তুক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ দেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সংগঠনটোৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকাই আদৰণি বক্তব্য ৰাখে ৷ ইয়াৰোপৰি শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতিপ্ৰসাদ কোঁৱৰ, বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি জগদীশ ৰাজকোঁৱৰকে ধৰি বহু বক্তাই অধিৱেশনখনৰ সফল আয়োজনৰ ক্ষেত্ৰত সহায়-সহযোগিতাৰ আশ্বাস আৰু পৰামৰ্শ দিয়ে ৷

চলিত বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন কৰ’ণা(Corona) মহামাৰীৰ বাবে পিছুৱাই দিয়া হয় ৷ সম্প্ৰতি কৰ’ণা সংক্ৰমণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰ্ষত অধিৱেশনখন সুন্দৰ আৰু সফলভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে অধিৱেশন সমিতিয়ে ৷

srimanta sankardev sangha adhiveshan to be held at naharkatiya
নাহৰকটীয়াত অনুষ্ঠিত হ’ব আগন্তুক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

অধিৱেশনখন সূচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে জয়ন্ত নাথক সভাপতি, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক কাৰ্যকৰী সভাপতি, ড৹ জ্যোতি প্ৰসাদ কোঁৱৰ, দৈনিক জনমভূমিৰ মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ইন্দ্ৰ গগৈ আদিকে ধৰি 16 জন ব্যক্তিক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

আনহাতে, হৰি প্ৰসাদ গগৈক সাধাৰণ সম্পাদক, মৃণাল কুমাৰ বৰুৱা আৰু ভৱেশ হাজৰিকাক যুটীয়া সম্পাদক, গকুল দত্ত আৰু লীলা দত্তক কাৰ্যালয় সম্পাদক, অজিত বৰুৱা, তোষেশ্বৰ গগৈ আৰু দয়ানন্দ খেৰেমীয়াক হিচাপ পৰীক্ষকৰূপে লৈ এক শক্তিশালী সমিতি আৰু মুঠ 37 খন উপ সমিতি গঠন কৰা হয় ।

উল্লেখ্য যে, তিনিদিনীয়া বিভিন্ন বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনত প্ৰায় 40 লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে উল্লেখ কৰে ৷ মুঠ 3 কোটি টকা বাজেটেৰে অনুষ্ঠিত কৰিবলগীয়া এই অনুষ্ঠানটোত ভকত-বৈষ্ণৱসকলক সকলো ধৰণৰ সা-সুবিধা আগবঢ়াবলৈ জিলাখনৰ সদস্যসকল সাজু হৈ উঠিছে বুলিও মত প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক: 33 শতাংশ আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী মহিলা সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.