অসম

assam

বন্ধ হোৱাৰ দিশে উত্তৰ-পূৱৰ প্ৰথমটো ৰে'ল ষ্টেচন

By

Published : Jun 15, 2022, 7:22 PM IST

বন্ধ হোৱাৰ দিশে উত্তৰ-পূৱৰ প্ৰথমটো ৰে'ল ষ্টেচন ৷ ডিব্ৰুগড়ৰ পুৰণি ৰেলৱে ( Old Dibrugarh railway station) ষ্টেচনটো বন্ধ কৰাৰ বাবে সোমবাৰে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ আবেদন কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (Assam MLA Prasanta Phukan urged union railway minister) ।

mla-prasanta-phukan-urges-union-railway-minister-to-permanently-close-old-dibrugarh-railway-station
বন্ধ হোৱাৰ দিশে উত্তৰ-পূৱৰ প্ৰথমটো পুৰণি ৰে'ল ষ্টেচন ডিব্ৰুগড়ৰ পুৰণি ৰেলৱে ষ্টেচন

মৰাণ, 15 জুন: ইতিহাস হোৱাৰ দিশে অগ্ৰসৰ ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ আমোলতে প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচন । সম্প্ৰতি এখনেই যাত্ৰীবাহী ৰে'ল চলে পুৰণি ষ্টেচনটোৰ পৰা ৷ এই পুৰণি ৰে'ল ষ্টেচনটো বন্ধ কৰাৰ বাবে ( Urged to permanently close old Dibrugarh railway station) সোমবাৰে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ (Union Railway Minister Ashwini Vaishnaw) আবেদন কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (Assam MLA Prasanta Phukan urged union railway minister) । ঐতিহ্যমণ্ডিত ৰে'ল ষ্টেচনটো বন্ধ কৰি ঐতিহাসিক ভৱন আৰু ৰে'লৱে সংগ্ৰাহালয় হিচাপে স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিধায়ক ফুকনে ৷

টাউন ৰে'লৱে ষ্টেচনটোৰ ফলত চহৰখনৰ কে চি গগৈ পথত ব্যাপক যান-জঁট, দুৰ্ঘটনা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে ৰে'লৱে ষ্টেচনটোৱে অৰ্থনৈতিক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰে ৷ ইফালে বিধায়ক ফুকনে সোমবাৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ-পূৱৰ পুৰণি ৰে'ল ষ্টেচনটো বন্ধৰ বিপৰীতে যাত্ৰীবাহী ৰে'ল চলাচল বৃদ্ধিৰ আহ্বান জনায় বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৷

বন্ধ হোৱাৰ দিশে উত্তৰ-পূৱৰ প্ৰথমটো পুৰণি ৰে'ল ষ্টেচন ডিব্ৰুগড়ৰ পুৰণি ৰেলৱে ষ্টেচন

লগতে ব্ৰহ্মপুত্ৰ, ৰাজধানী এক্সপ্ৰেছৰ দৰে যাত্ৰীবাহী ৰে'ল চলোৱাৰ ব্যৱস্থা কৰি ষ্টেচনটোক অধিক সক্ৰিয় ৰূপত পৰিচালনা কৰাৰ আহ্বান জনায় বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে (All Assam Bengali Youth Students Federation) ৷ তদুপৰি শান্তিপাৰাত উৰণীয়া সেঁতু নিৰ্মাণৰো দাবী জনায় দলটোৱে ৷ উল্লেখযোগ্য যে ১৮৮২ চনৰ ১ মে’ত এই ৰিহাবাৰী (বৰ্তমানৰ ডিব্ৰুগড় টাউন ৰে'ল) ষ্টেচনৰ পৰা ডিব্ৰুগড়ৰ চাউলউখোৱালৈ প্ৰথমখন সামগ্ৰী কঢ়িওৱা ৰে'ল চলিছিল । ক্ৰমান্বয়ে এই সেৱা বৃদ্ধি কৰি ডিগবৈ আৰু মাল পৰিবাহী ৰে'লেৰে লিডুৰ পৰা ডিব্ৰুগড় চহৰৰ কয়লা ঘাটলৈ কয়লা কঢ়িওৱাৰ কাম আৰম্ভ কৰে ।

১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত জাহাজ ঘাটৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় চহৰৰ তাহানিৰ ৰিহাবাৰী নামে জনাজাত ষ্টেচনটোৰ পৰা প্ৰায় ৪০০ ইউৰোপীয়ান আৰু ভাৰতীয় লোকেৰে পূৰ্ণ প্ৰথমখন যাত্ৰীবাহী ৰে'ল লিডুলৈ যাত্ৰা কৰাৰ লগে লগে ভাৰতৰ বুকুত ৰে'ল যাত্ৰাৰ ইতিহাস ৰচনা কৰে ডিব্ৰুগড়ে । ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ নিচেই কাষতে স্থাপন কৰা এই ভাৰত বিখ্যাত ৰে'ল ষ্টেচনটোৱে আজিও সেই ঐতিহাসিক স্বাক্ষৰ বহন কৰিছে । ফলত ষ্টেচনটো স্থানান্তৰিত কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইতিহাস প্ৰসিদ্ধ ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেচনটে উঠাই নিয়াত একাংশ ৰাইজে মানি ল'ব পৰা নাই । সম্প্ৰতি ঐতিহ্যমণ্ডিত ৰে’ল ষ্টেচনটো স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:পানী কমাৰ লক্ষণেই নাই: GMC য়ে অভিযান চলায়েই আছে

ABOUT THE AUTHOR

...view details