ETV Bharat / state

পানী কমাৰ লক্ষণেই নাই: GMC য়ে অভিযান চলায়েই আছে

author img

By

Published : Jun 15, 2022, 5:08 PM IST

মহানগৰীৰ অনিল নগৰ, সাতগাঁও-নাৰেংগী সংযোগী পথ, নবীন নগৰ, হাতীগাও, ৰুক্মিণীগাঁও, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বহু আৱাসিক এলেকা জলমগ্ন হৈ আছে । কোনো স্থানত এককাল পৰ্যন্ত পানী থকা পৰিলক্ষিত হৈছে । অনিল নগৰৰ আবাসী একাংশই আশ্ৰয় শিবিৰত আশ্ৰয় লবলগীয়া হৈছে ।

পানী কমাৰ লক্ষণেই নাই: GMC য়ে অভিযান চলায়েই আছে
পানী কমাৰ লক্ষণেই নাই: GMC য়ে অভিযান চলায়েই আছে

গুৱাহাটী, ১৫ জুন: ছুপাৰ চাকাৰ ফ্ল'প হোৱাৰ পিছতেই সুৰ সলনি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ । শ্ৰমিককে GMC ৰ মূল শক্তি আখ্যা মেয়ৰ মৃগেন শৰণীয়াৰ । শ্ৰমিকেই গুৱাহাটী পৌৰ নিগমৰ প্ৰাণ । শ্ৰমিক সকল ভগৱান । শ্ৰমিক নাথাকিলে পৌৰ নিগম নচলিব ৷ বুধবাৰে অনিল নগৰত বানাক্ৰান্তৰ মাজত খাদ্য সমগ্ৰী বিতৰণ কৰি এইদৰে মন্তব্য কৰে মেয়ৰ মৃগেন শৰণীয়াই ।

গুৱাহাটীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ যেন কোনো উত্তৰেই নাই মৃগেন শৰনীয়াৰ হাতত (Mayor Mrigen Sarania)। বৰষুণ অধিক হোৱাৰ বাবেহে পানী বেছি হৈছে বুলি মন্তব্য কৰে মেয়ৰে । সোমবাৰে নিশাৰে পৰা নেৰানেপেৰাকৈ অহা বৰষুণজাকৰ ফলত সমগ্ৰ মহানগৰী প্লাৱিত হৈ পৰে । মহানগৰীৰ কিছু কিছু অঞ্চলৰ পৰা পানী ওলাই গৈছে যদিও আজিও বহু অঞ্চল পানীৰ তলত বুৰ গৈ আছে (Still various areas are under water logging)।

পানী কমাৰ লক্ষণেই নাই: GMC য়ে অভিযান চলায়েই আছে

মহানগৰীৰ অনিল নগৰ, সাতগাঁও-নাৰেংগী সংযোগী পথ, নবীন নগৰ, হাতীগাও, ৰুক্মিণীগাঁও, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বহু আৱাসিক এলেকা জলমগ্ন হৈ আছে । কোনো স্থানত এককাল পৰ্যন্ত পানী থকা পৰিলক্ষিত হৈছে । অনিল নগৰৰ আবাসী একাংশই আশ্ৰয় শিবিৰত আশ্ৰয় লবলগীয়া হৈছে । বহু আৱাসিক এলেকাত সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে মহানাগৰিক সকল ।

খাদ্য সামগ্ৰীৰ অভাৱ হোৱাৰ লগতে খোৱাপানীৰ সমস্যাত ভুগিছে আবাসীসকলে (Food-drinking water shortage in relief camps in Guwahati) । ইপিনে আজি পানী আৰু খাদ্য সামগ্ৰী অনিল নগৰ আৰু নবীন নগৰত বিতৰণ কৰে মেয়ৰ মৃগেন শৰণীয়াই । আনহাতে মহানগৰীৰ বান পৰিস্থিতি সম্পৰ্কে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে মহানগৰীত বৰ্তমানেও ভূমিস্খলন আৰু কৃত্ৰিম বানপানী হৈ আছে, তাৰ প্ৰতি প্ৰশাসনে চকু ৰাখিছে ৷

বৰ্তমানলৈ 640 জন লোক আশ্ৰয় শিবিৰত আছে ৷ সমাজকল্যাণকে ধৰি কেইবাটাও বিভাগক উদ্ধাৰ অভিযানত লগোৱা হৈছে । আজি পুৱাৰ ভাগতে ৰাজভৱন আৰু টিভি টাৱাৰৰ সমীপত ভূমিস্খলন হৈছে যদিও বিশেষ কোনো ক্ষতি হোৱা নাই (Landslide near Rajbhavan-TV tower) । কোনো লোক এতিয়ালৈকে আহত হোৱা নাই । কালি পৰিস্থিতি চাই স্কুল-কলেজ বন্ধ দিয়া হৈছিল ৷

যদি পৰিস্থিতি বেয়া হয় তেতিয়া পুনৰ সিদ্ধান্ত লোৱা হব বুলি তেওঁ মন্তব্য কৰে । ইপিনে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই (GMC Commissioner Debasish Sharma) কয় যে বানাক্ৰান্ত অঞ্চলসমূহৰ পানী কেতিয়া কমিব তাক কব নোৱাৰি । অনিল নগৰ, নবীন নগৰত মুঠ ৬ টা পাম্পেৰে পানী সিচি থকা হৈছে । ঘৰৰ ভিতৰত পানী সোমোৱা লোকসকলক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত ৰখাৰ লগতে কিছু সংখ্যকে আত্মীয়ৰ ঘৰলৈ গৈছে ।

যিসকল প্ৰথম মহলা, দ্বিতীয় মহলাত আছে তেওঁলোকক পানী, মমবাতি পৰ্যাপ্ত পৰিমানে যোগান ধৰা হৈছে । বানাক্ৰান্ত অঞ্চলসমূহত পানী শুকুৱাৰ পিছত জি এম চিয়ে ব্লিছিং পাউডাৰ চটিয়াব বুলি মন্তব্য কৰে তেওঁ । উল্লেখ্য যে ভঙাগড় আশ্ৰয় শিবিৰত থকা একাংশই নিশাৰে পৰা দিনৰ ১২ বজালৈ শিবিৰত খাদ্য সামগ্ৰীৰ অভাৱ হোৱাৰ লগতে পানীৰ অভাৱ হোৱা বুলি অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: বানৰ পৰিস্থিতিৰ বুজ লৈ মহানগৰীৰ ৰাজপথত সৰৱ ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.