অসম

assam

টিংখাঙত সমুখ সমৰত আৰক্ষী বনাম আৰক্ষী

By

Published : Sep 10, 2022, 11:32 AM IST

সমুখ সমৰত আৰক্ষী বনাম আৰক্ষী । আৰক্ষীৰ ৰণ চাবলৈ উৎসুক ৰাইজ । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ নিৰ্দেশমৰ্মে আৰক্ষী থানাসমূহৰ মাজত আয়োজন কৰা হৈছে এই মহাৰণৰ(Inter Police Station Football Tournament) ৷

football-competition-among-police-at-tingkhong
টিংখাঙত সমুখ সমৰত আৰক্ষী বনাম আৰক্ষী

টিংখাং, 10 ছেপ্টেম্বৰ: শুকুৰবাৰে টিংখাঙত সমুখ সমৰত অৱতীৰ্ণ হ'ল টিংখাং আৰক্ষী বনাম খোৱাং আৰক্ষী(Inter Police Station Football Tournament) । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ(DGP of Assam Bhaskar Jyoti Mahanta) নিৰ্দেশমৰ্মে আৰক্ষী থানাসমূহৰ মাজত ফুটবল খেল আয়োজন কৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সকলো থানা সামৰি ৪ টা মণ্ডল গঠন কৰি আয়োজন কৰা হয় এখনি ফুটবল টুৰ্ণামেণ্ট ।

টিংখাঙত সমুখ সমৰত আৰক্ষী বনাম আৰক্ষী

ইয়াৰে মৰাণ মণ্ডলৰ অংশ হিচাপে শুকুৰবাৰে টিংখাং আৰক্ষী থানা আৰু খোৱাং আৰক্ষী থানাৰ মাজত অনুষ্ঠিত হয় এক উত্তেজনামূলক ফুটবল খেল । খেলখনত খোৱাং আৰক্ষী থানাৰ ফুটবল দলে টিংখাং আৰক্ষী থানাৰ ফুটবল দলক ২-১ গ'লত পৰাস্ত কৰে । অসম আৰক্ষীয়ে আৰক্ষী জোৱানসকলৰ লগতে নিজ নিজ থানাৰ এলেকাধীন যুৱকসকলক লগত লৈ আয়োজন কৰা এই ফুটবল খেলসমূহে সাধাৰণ জনতাক আৰক্ষীৰ কাষ চপাই আনিবলৈ সক্ষম হ'ব বুলি জনায় টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ।

উল্লেখযোগ্য যে সকলো মণ্ডলৰ খেল সমূহ সমাপ্ত হোৱাৰ পিছতেই ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:অসম কৃষক পৰিষদৰ উদ্যোগত টিংখাঙত কৃষক সভা

ABOUT THE AUTHOR

...view details