ETV Bharat / city

অসম কৃষক পৰিষদৰ উদ্যোগত টিংখাঙত কৃষক সভা

author img

By

Published : Sep 10, 2022, 10:16 AM IST

অসম কৃষক পৰিষদৰ উদ্যোগত টিংখাঙত কৃষক সভা(Kisan Sabha at Tingkhan) ৷ কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ লগতে বজাৰৰ সৃষ্টি কৰা উদ্দেশ্য অনুষ্ঠিত হয় এই কৃষক সভা ৷ অনুষ্ঠানত আদৰ্শ কৃষক তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জয়দত কোঁৱৰক সম্বৰ্ধনা জনোৱা হয় ।

Kisan Sabha at Tingkhan
অসম কৃষক পৰিষদৰ উদ্যোগত টিংখাঙত কৃষক সভা

মৰাণ, 10 ছেপ্টেম্বৰ: অসম কৃষক পৰিষদৰ উদ্যোগত টিংখাঙত শুকুৰবাৰে এখনি কৃষক সভা অনুষ্ঠিত হয়(Kisan Sabha at Tingkhan) । অসম গণ পৰিষদৰ অন্যতম ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা টিংখাং কৃষক পৰিষদ আৰু স্থানীয় ৰাইজৰ সহযোগত ন-চাউদাং গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই কৃষক সভা(Asom Krishak Parishad of Asom Gana Parishad) । উক্ত কৃষক সভাত কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ লগতে বজাৰৰ সৃষ্টি কৰা, কৃষকৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰি অধিক উৎসাহেৰে কৃষি কৰ্মত মনোনিৱেশ কৰা, চৰকাৰী আঁচনি আৰু ইয়াৰ সুফলসমূহৰ বিষয়ে কৃষকক সজাগ কৰা, বান ক্ষতিগ্ৰস্ত এলেকাৰ কৃষকৰ সমস্যা সমাধানৰ প্ৰয়াস কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সভাত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

অসম কৃষক পৰিষদৰ উদ্যোগত টিংখাঙত কৃষক সভা

সভাত অঞ্চলটোৰ এজন আদৰ্শ কৃষক তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জয়দত কোঁৱৰক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় । সভাত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পূৰ্ণ গন্ধীয়া, ডিব্ৰুগড় জিলা কৃষক পৰিষদৰ সভাপতি কৃষ্ণনন্দ দুৱৰা, সম্পাদক অপূৰ্ব গগৈ, জিতেশ্বৰ গগৈ, ডিব্ৰুগড় জিলা মীন সম্প্ৰসাৰণ বিষয়া হীৰেন পেগু, জিলা কৃষি সম্প্ৰসাৰণৰ বিষয়া ৰাজু দুৱৰা, জিলা পশুপালন বিষয়া চিত্ৰ চেতিয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাত কৃষকৰ বিভিন্ন সমস্যা সন্দৰ্ভত কৃষি বিষয়া আৰু কৃষকসকলৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয় ।

লগতে পঢ়ক : শিক্ষাৰ জ্যোতি বিয়পাই পঞ্চাশটা বৰ্ষ গৰকিলে সোণাৰি মহাবিদ্যালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.