অসম

assam

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ

By

Published : Sep 15, 2022, 3:29 PM IST

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়াও ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ । কেবিনেটত লোৱা হঠকাৰী সিদ্ধান্তত আজি জাঙুৰ খাই উঠিছে ৰাজ্যৰ ছয় জনগোষ্ঠীয় সংগঠন ।

Etv Bharatছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ
Etv Bharatছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়, 15 ছেপ্টেম্বৰ: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুণৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷

কিয়নো অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী তুলি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় কেবিনেটে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী, তাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম ।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ

অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়াও ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ । দীৰ্ঘদিন প্ৰতিবাদ কৰি অহাৰ পাছতো অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত ১৪ ছেপ্টেম্বৰৰ দিনা কেবিনেটত (Union Cabinet decision) লোৱা হঠকাৰী সিদ্ধান্তত আজি জাঙুৰ খাই উঠিছে ৰাজ্যৰ ছয় জনগোষ্ঠীয় সংগঠন ।

ৰাজ্যৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ বাৰে বাৰে চৰকাৰে প্ৰতাৰিত কৰি অহাত তীব্ৰ গৰিহনা দি আজি ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে ছয় জনগোষ্ঠীয় সংগঠনে ।

লগতে পঢ়ক:কেন্দ্ৰৰ প্ৰৱঞ্চনা: জনজাতিকৰণৰ দাবীত শিৱসাগৰত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details