অসম

assam

New medical college in Assam: ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব ধুবুৰী মেডিকেল কলেজ হাস্পতাল

By

Published : Oct 12, 2022, 10:48 PM IST

বৃহস্পতিবাৰে বিয়লি তিনি বজাত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভ উদ্বোধন কৰিব ধুবুৰী মেডিকেল কলেজ হাস্পতালৰ (Draupadi Murmu to inaugurate DMCH) । ৰাষ্ট্ৰপতিয়ে গুৱাহাটী আই আই টিৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে শুভ উদ্বোধন কৰিব ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ।

New medical college in Assam
New medical college in Assam

ধুবুৰী, 12 অক্টোবৰ: দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কাইলৈ চৰকাৰে বাস্তৱায়িত কৰিব নামনি অসমবাসীৰ সপোন । বৃহস্পতিবাৰে বিয়লি তিনি বজাত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভ উদ্বোধন কৰিব ধুবুৰী মেডিকেল কলেজ হাস্পতালৰ (Draupadi Murmu to inaugurate DMCH) । ধুবুৰী মেডিকেল কলেজ হাস্পতালখনৰ সামগ্ৰিক দিশৰ বুজ লোৱাৰ বিপৰীতে শুভ উদ্বোধন কাৰ্যসূচীৰ যাৱতীয় বুজ লোৱাৰ বাবে আজি ধুবুৰী মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Dhubri Medical College Hospital to be inaugurate)।

অসম মেডিকেল কলেজ হাস্পতালৰ সঞ্চালক আৰু অতিৰিক্ত সঞ্চালকক লগত লৈ ডি এম চি এইচত উপস্থিত হৈ প্ৰথমে শুভ উদ্বোধন কাৰ্যসূচীৰ বুজ লোৱাৰ পিছত মেডিকেল কলেজৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে মন্ত্ৰীগৰাকীয়ে (Health Minister in Dhubri Medical College Hospital)।

অসম মেডিকেল কলেজ হাস্পতালৰ সঞ্চালক ডাঃ অনুপ বৰ্মন, অতিৰিক্ত সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে জিলা উপায়ুক্ত আন্বামুথন এমপি, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা অংকুমনি শইকীয়াৰ লগতে মেডিকেল কলেজৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় উক্ত বৈঠকত ডি এম চি এইচৰ প্ৰতিটো দিশত বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, কাইলৈ বিয়লি তিনি বজাত দেশৰ ৰাষ্ট্ৰপতিয়ে গুৱাহাটী আই আই টিৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে শুভ উদ্বোধন কৰিব ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে, অহা 15 নৱেম্বৰৰ ভিতৰত এশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সম্পন্ন হ’ব আৰু 15 নৱেম্বৰৰ পৰা মেডিকেল কলেজত আৰম্ভ হ’ব পাঠদান প্ৰক্ৰিয়া (New Medical College in Assam)। আনহাতে, ইতিমধ্যে কিছুদিন পূৰ্বে ধুবুৰী মেডিকেল কলেজ হাস্পতালত বহিঃবিভাগৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব ধুবুৰী মেডিকেল কলেজ হাস্পতাল

উল্লেখ্য যে, 2011 চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰথম আধাৰশিলা স্থাপন কৰা হৈছিল । কিন্তু 2017 চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত চিকিৎসা মহাবিদ্যালয়ৰ আন এখন আধাৰশিলা স্থাপন কৰি ভূমি পূজন কৰা হয় । কাইলৈ এই চিকিৎসা মহাবিদ্যালয়খনৰ শুভ উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতিয়ে ৷

উল্লেখনীয় যে, দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ বিশেষ বিমানযোগে ত্ৰিপুৰাৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত (LGBI Airport in Guwahati) উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী ৷

বিমান বন্দৰৰ পৰা পোনে পোনে আমিনগাঁৱত থকা আই আই টি গুৱাহাটীলৈ যাব দ্ৰৌপদী মুৰ্মু (President Draupadi Murmu in IIT Guwahati) । আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা 'পৰম কামৰূপা’ উদ্বোধন কৰিব । লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰিব ।

তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব ।

আনহাতে, 14 অক্টোবৰৰ দিনা তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব (Draupadi Murmu to visit Kamakhya) । ইতিমধ্যে ৰাষ্ট্ৰপতিৰ আগমণৰ পূৰ্বে ৰাজ্য চৰকাৰ প্ৰশাসনে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

লগতে পঢ়ক:President Murmu visits Assam: মহানগৰীত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details