অসম

assam

ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

By

Published : Jun 1, 2022, 9:48 AM IST

ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ শেহতীয়াকৈ ধুবুৰী আৰক্ষীয়ে ধুবুৰী ৰেলৱে ষ্টেচনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই (Anti Drugs Mission) ড্ৰাগছসহ এজন ড্ৰাগছ মাফিয়াক আটক কৰে ৷

Drugs mafia arrested with Cough syrup and Psychotropic Drugs by Dhubri Police
ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ধুবুৰী,1 জুন :ধুবুৰী আৰক্ষীয়ে মঙলবাৰে ধুবুৰী ৰেলৱে ষ্টেচনত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ আৰক্ষীৰ দলটোৱে ড্ৰাগছসহ এজন ড্ৰাগছ মাফিয়াকো আটক কৰে (Drugs mafia arrested by Dhubri Police)৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আটকাধীন ড্ৰাগছ মাফিয়াজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ধুবুৰী আৰক্ষীৰ দলটোৱে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী ৰেলৱে ষ্টেচনত অভিযান চলাই প্ৰায় 5000 নিচা জাতীয় টেবলেট (Psychotropic Drugs Seized at Dhubri) আৰু 200 টা কফ চিৰাফৰ বটল জব্দ (Cough syrup seized in Dhubri) কৰিবলৈ সক্ষম হয় ৷ দলটোৱে অভিযানৰ সময়ত আটক কৰা ড্ৰাগছ মাফিয়াটো ৰাতুল হুছেইন বুলি জানিব পৰা হৈছে(Drugs mafia arrested by Dhubri Police) ৷

ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

আৰক্ষীয়ে জনোৱা অনুসৰি, ড্ৰাগছ মাফিয়া ৰাতুল হুছেইনে পশ্চিমবংগৰ পৰা ৰে’লযোগে এই বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট আৰু কফ চিৰাফৰ বটলখিনি ধুবুৰীলৈ আনিছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে, ৰে’লৱে ষ্টেচনৰ দায়িত্বত থকা ৰেল আৰক্ষীৰ কৰ্তব্যত অনিহা আৰু অৱহেলাৰ বাবেই একাংশ ড্ৰাগছ মাফিয়াই ৰে’লযোগে লাখ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আহিছে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন ড্ৰাগছ মাফিয়াজনক জেৰা অব্যাহত ৰাখিছে৷

লগতে পঢ়ক:নাৰায়ণপুৰৰ কলেজীয়া ছাত্ৰীক অপহৰণৰ অপচেষ্টা টেম্প' চালকৰ

ABOUT THE AUTHOR

...view details