নাৰায়ণপুৰৰ কলেজীয়া ছাত্ৰীক অপহৰণৰ অপচেষ্টা টেম্প' চালকৰ

By

Published : May 31, 2022, 9:54 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

নাৰায়ণপুৰৰ কলেজীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা টেম্প' চালকৰ (Attempt to kidnap at Narayanpur)। লখিমপুৰ জিলাৰ পথালিপাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ(Sankardev Mahavidiyalaya) স্নাতক দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক ফুটগধূলিতে অপহৰণৰ চেষ্টা চলায় দুৰ্বৃত্তই । মহাবিদ্যালয়খনত চলি থকা মহাবিদ্যালয় সপ্তাহৰ পৰা সোমবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰপথাৰৰ অভিমুখে আহি থকাৰ পথত সংঘটিত হয় এই ঘটনা । ছাত্ৰীগৰাকীৰ দেউতাক ভোগপুৰত উপস্থিত থকাত ছাত্ৰীগৰাকীয়ে ভোগপুৰত টেম্প' খনৰ পৰা নামিবলৈ বিচাৰে । ছাত্ৰীগৰাকীয়ে টেম্প'খন ৰাখিবলৈ কোৱাৰ পাছতো চালকজনে টেম্প'খন ৰাখিবলৈ অমান্তি হয় (College girl injured at Narayanpur)। ছাত্ৰীগৰাকীয়ে টেম্প' চালকৰ কু-অভিসন্ধিৰ অনুমান পাই ভোগপুৰ চাৰিআলিৰ সমীপত চলন্ত টেম্প'ৰ পৰা জপিয়াই আত্মৰক্ষাৰ চেষ্টা কৰে । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী । বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন অৱস্থাত আছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.