অসম

assam

জনীয়াত পোষণ মাহ উপলক্ষে ৰান্ধনী বাগিছা উদ্বোধন

By

Published : Sep 29, 2020, 5:03 PM IST

জনীয়াৰ জনতা আৰু সোনাপুৰ ৰুভি গাঁও পঞ্চায়তৰ অধীনত থকা সমূহ অঙ্গনৱাড়ী কেন্দ্ৰৰ সহযোগত ৩৮৫ নং জনতা অঙ্গনৱাড়ী কেন্দ্ৰত পোষণ মাহ উপলক্ষে ৰান্ধনী বাগিছা উদ্বোধন কৰা হয় ।

Garden inaugurated in Jania
জনীয়াত পোষণ মাহ উপলক্ষে ৰান্ধনী বাগিছা উদ্বোধন

জনীয়া, ২৯ ছেপ্টেম্বৰ: জনীয়াৰ জনতা আৰু সোনাপুৰ ৰুভি গাঁও পঞ্চায়তৰ অধীনত থকা সমূহ অঙ্গনৱাড়ী কেন্দ্ৰৰ সহযোগত ৩৮৫ নং জনতা অঙ্গনৱাড়ী কেন্দ্ৰত পোষণ মাহ উপলক্ষে ৰান্ধনী বাগিছা উদ্বোধন কৰা হয় । বাগিছা উদ্বোধন কৰে মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধীৰাজ তালুকদাৰে । বাগিছাখন উদ্বোধন কৰা কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি হাজেৰা খাতুনৰ সভাপতিত্বত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । সভাত মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধীৰাজ তালুকদাৰ, জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিক, চুপাৰভাইজাৰ দীপিকা মালাকাৰ উপস্থিত থাকি পোষণ মাহ সম্পৰ্কে ভাষণ প্ৰদান কৰে । যোৱা 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টম্বৰলৈ এমাহ যোৰা চলি থকা এই পোষণ মেলাত বাল্যবিবাহ, শিশু নিৰ্যাতন আদি বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে পুষ্টিকৰ খাদ্য, সেউজীয়া শাক পাচলি, ফল মূলৰ উপকাৰীতাৰ ওপৰত উপৰোক্ত অতিথি সকলে সজাগতামুলক বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: 108 তে সন্তান প্ৰসৱ ক’ভিড-19 আক্ৰান্ত মহিলাৰ

ABOUT THE AUTHOR

...view details