অসম

assam

Cricket World Cup 2023: ভাৰতক বিশ্বকাপ জিকাৰ শক্তিশালী প্ৰতিদ্বন্দী বুলি অভিহিত ৰোহিত শৰ্মাৰ প্ৰশিক্ষকৰ; অধিনায়কক দিলে বিজয়ৰ মন্ত্ৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:06 PM IST

২০২৩ চনৰ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ক্ৰিকেট বিশ্বকাপত টিম ইণ্ডিয়াৰ অধিনায়ক তথা তাৰকা বেটছমেন ৰোহিত শৰ্মা আৰু অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰৰ প্ৰশিক্ষক দীনেশ লাডে দুয়োৰে পৰা ভাল প্ৰদৰ্শন আশা কৰিছে। ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰোহিত শৰ্মাৰ ফিটনেছৰ বিষয়েও মুকলিকৈ কয় লাডে।

Cricket World Cup 2023
দীনেশ লাডৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ভাৰতক বিশ্বকাপ জিকাৰ শক্তিশালী প্ৰতিদ্বন্দী বুলি অভিহিত ৰোহিত শৰ্মাৰ প্ৰশিক্ষকৰ

স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ : দীনেশ লাড বৰ্তমান আটাইতকৈ সুখী ব্যক্তি; কিয়নো তেওঁৰ শিষ্য, বৰ্তমান ভাৰতীয় দলৰ অধিনায়ক তথা তাৰকা অ’পেনাৰ ৰোহিত শৰ্মা আৰু অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ভাৰতীয় দলৰ অংশ ৷ মুম্বাই ক্ৰিকেট জগতৰ এক সুপৰিচিত আৰু সন্মানীয় নাম হিচাবে পৰিচিত লাডে বিশ্বাস কৰে যে ৰাহুল দ্ৰাবিড় প্ৰশিক্ষিত দলটোৱে ১৯ নৱেম্বৰত বিশ্বকাপ জয়ৰ এক শক্তিশালী প্ৰতিদ্বন্দ্বী ৷

ক্ৰিকেট বিশ্বকাপ জয়ৰ ক্ষেত্ৰত ৰোহিতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব-

ৰোহিত শৰ্মা আৰু বেগী বলাৰ শাৰ্দুল ঠাকুৰৰ আত্মপ্ৰকাশৰ ক্ষেত্ৰত দীনেশ লাডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ২০২২ চনত সন্মানীয় দ্ৰোনাচাৰ্য বঁটা লাভ কৰিবলৈ সক্ষম হোৱা লাডে ইটিভি ভাৰতক কয় যে ৰোহিত শৰ্মাই এছিয়া কাপ আৰু যোৱা কেইখনমান মেচত যি ধৰণে খেলিছিল, তেওঁৰ এই প্ৰদৰ্শনে ভাৰতক ক্ৰিকেট বিশ্বকাপ জয় কৰাত সহায় কৰিব ৷

ৰোহিত শৰ্মা একেবাৰে ফিট-

ৰোহিত শৰ্মাৰ ফিটনেছ সন্দৰ্ভত বহু সময়ত প্ৰশ্নৰ উত্থাপন হয় ৷ ভাৰতীয় অধিনায়কগৰাকীৰ ফিটনেছৰ কথা কওঁতে লাডে কয় যে ৰোহিতে যিদৰে কেচ লৈছে, তেওঁৰ ফিটনেছক লৈ কোনো প্ৰশ্নই উত্থাপন নহয় ৷

বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটো ভাৰসাম্যপূৰ্ণ-

আটাইকেইজন বেটছমেন ফৰ্মত আছে আৰু যশপ্ৰীত বুমৰাহে আঘাতৰ পিছত ৰাষ্ট্ৰীয় দললৈ ঘূৰি অহাৰ পিছৰে পৰা আৰু অধিক শক্তিশালী বলিং কৰি আছে ৷ লাডে কয়, ‘দলটোত বহু (মেচ বিজয়ী) অল-ৰাউণ্ডাৰ আছে ৷’

বিশ্বকাপৰ ট্রফী জয়ৰ বাবে ভাৰতৰ শক্তিশালী প্রতিদ্বন্দ্বী-

দীনেশ লাডে কয় যে ভাৰতে ক্রিকেটৰ বৃহত্তম প্রতিযোগিতাত জয়ী হ’ব বুলি আত্মবিশ্বাসী ৷ তেওঁ কয়, ‘যিহেতু ভাৰতত বিশ্বকাপ অনুষ্ঠিত হৈছে, অনুৰাগীৰ বিপুল সমৰ্থন আছে। অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, পাকিস্তানৰ দৰে আন দলৰ কথা ক’ব নোৱাৰো যদিও তেওঁলোকেও ভাল খেলিব ৷ অভিজ্ঞ ক্ৰিকেট প্ৰশিক্ষকগৰাকীয়ে আৰু কয় যে, ‘ভাৰতীয় খেলুৱৈসকলে এছিয়া কাপত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু দলটো তিনিওটা বিভাগতে নিখুঁত ৷'

১৯ নৱেম্বৰত ৰোহিত শৰ্মাই বিশ্বকাপৰ ট্ৰফী তুলি ধৰিব-

দীনেশ লাডে আশা কৰিছে যে তেওঁৰ শিষ্য ৰোহিতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ট্ৰফী তুলি ধৰিব ৷ লগতে তেওঁ আশাবাদী যে পালঘৰ জিলাৰ ৰোহিত আৰু শাৰ্দুল ঠাকুৰে ভাৰতক ক্ৰিকেট বিশ্বকাপ জয় কৰাত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

শ্বাৰ্দুলে ৬ টা ছয় কৰিছে-

ইফালে ৰোহিত শৰ্মা আৰু শাৰ্দুল ঠাকুৰৰ কথা মনত পেলাই লাডে কয় যে ৰোহিতে বলাৰ হিচাপে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ অনুৰোধতেই তেওঁ বেটছমেন হৈছিল আৰু বাকীবোৰ ইতিহাস ৷ তেওঁ লগতে কয় যে শ্বাৰ্দুল ঠাকুৰে বেটেৰে আচৰিত কাম কৰিব পাৰে আৰু এবাৰ বাওঁহাতৰ স্পীনত তেওঁ ছয়টা ছয় মাৰিছিল ৷

ৰোহিত শৰ্মাই ক্ৰীজত অধিক সময় কটাব লাগে-

সামৰণিত লাডে কয়, ‘২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপত ৰোহিতে একেৰাহে পাঁচটা শতক অৰ্জন কৰিছিল আৰু সেই সময়ত তেওঁ অত্যন্ত ধৈৰ্য্য ধৰিছিল ৷ ৰোহিত শৰ্মা এবাৰ ছেট হ’লেই আউট কৰাটো বলাৰসকলৰ বাবে অতি কঠিন হ’ব আৰু এনে সময়ত তাৰকা বেটছমেনজনে ভুল কৰিলেহে আউট হ’ব পাৰিব ৷

লগতে পঢ়ক :Cricket World Cup: বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ 5 জন বলাৰ; তালিকাত নাই এজনো ভাৰতীয়

ABOUT THE AUTHOR

...view details