অসম

assam

দেশৰ বিশিষ্ট সমাজ কৰ্মী, লেখিকা কমলা ভাছিনৰ বিয়োগ

By

Published : Sep 25, 2021, 5:20 PM IST

Kamla Bhasin passes away
লেখিকা কমলা ভাছিনৰ বিয়োগ

৭৫ বছৰ বয়সত মৃত্যু হয় ভাৰতৰ বিশিষ্ট মহিলা অধিকাৰ কৰ্মী কমলা ভাছিনৰ । বিশিষ্ট মহিলাগৰাকীৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰা দেখা গৈছে ।

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ:ভাৰতৰ বিশিষ্ট মহিলা অধিকাৰ কৰ্মী,কবি তথা লেখিকা কমলা ভাছিনৰ (Kamla Bhasin) শনিবাৰে মৃত্যু হয় । ৭৫ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট মহিলাগৰাকীৰ । দেশৰ অন্যতম প্ৰভাৱশালী সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে (Kavita Srivastava) টুইটাৰযোগে জনোৱা মতে, বিশিষ্ট মহিলাগৰাকীয়ে পুৱা প্ৰায় ৩ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহত মহিলা আন্দোলনত ভাছিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মহিলা আন্দোলনৰ বাবে বৃহৎ ক্ষতি হ'ব বুলি উল্লেখ কৰে । শ্ৰীবাস্তৱৰ মতে জীৱনত কঠোৰ প্ৰত্যাহ্বান আহিলেও হাঁহি ধেমালিৰে সকলো সময় অতিবাহিত কৰিছিল কমলা ভাছিনে ।

কমলা ভাছিন য'তে আছে শান্তিৰে থাকক তাৰে কামনা কৰে শ্ৰীবাস্তৱে । ইফালে তেওঁৰ অনুৰাগীসকলেও বিভিন্ন মাধ্যমৰ জৰিয়তে ভাছিনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে লগতে তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছে ।

লগতে পঢ়ক :কমলা হেৰিছক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ABOUT THE AUTHOR

...view details