কমলা হেৰিছক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

author img

By

Published : Sep 24, 2021, 6:54 PM IST

PM gifts Harris

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বৈঠকৰ পাছতে হেৰিছক প্ৰধানমন্ত্ৰীয়ে দিয়া এক উপহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । হেৰিছক সেই বিশেষ উপহাৰটো কি আছিল ?

নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ হোৱাইট হাউছত এক বৈঠকত মিলিত হয় । এই বৈঠকৰ পাছতে কমলা হেৰিছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ উপহাৰ দিয়ে । ভাৰতীয় মূলৰ কমলা হেৰিছক তেওঁৰ ককাদেউতাকৰ সৈতে সম্পৰ্কিত এক বিশেষ উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে । উপহাৰৰ ভিতৰত আছিল কাঠেৰে নিৰ্মিত বিশেষ ফ্ৰেম আৰু মীনাকৰা (meenakari) দবা খেলৰ ছেট (chess set) ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বৈঠকত ভাৰত আৰু আমেৰিকাক প্ৰাকৃতিক অংশীদাৰ বুলি অভিহিত কৰিছিল । বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ লগতে পাৰস্পৰিক আৰু গোলকীয় স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰে । দুয়োগৰাকী শীৰ্ষ নেতাৰ বৈঠক সফলতাৰে সম্পন্ন কৰা বুলিও এক সূত্ৰই জানিবলৈ দিয়ে ।

উল্লেখ্য যে হেৰিছৰ ককাদেউতাক পি ভি গোপালন ভাৰতৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় চৰকাৰী বিষয়া আছিল যি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল । ককাদেউতাকৰ সৈতে সম্পৰ্কিত পুৰণি জাননীৰ এটা প্ৰতিলিপি কাঠৰ হস্তশিল্পৰ ফ্ৰেমত উপস্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হেৰিছক উপহাৰ দিয়ে । ইফালে পুৰণি চহৰ আৰু প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাৰাণসীৰ এক বিখ্যাত শিল্পকলা হৈছে 'গুলাবি মীনাকাৰী' (gulabi meenakari) ।

এই পুৰণি আৰু বিখ্যাত শিল্পকলাৰে নিৰ্মিত দবা ছেট এটাও প্ৰধানমন্ত্ৰীয়ে উপহাৰ দিয়ে হেৰিছক । সূত্ৰৰ মতে নিৰ্দিষ্ট দবা ছেটৰ প্ৰতিটো অংশই শিল্প কলাৰ অন্যতম নিদৰ্শন আছিল । ইয়াৰ উজ্জ্বল ৰঙবোৰে বাৰাণসীৰ শিল্পকলাক জীৱন্ত ৰূপত প্ৰতিফলিত কৰিছে ।

ইফালে আমেৰিকা ভ্ৰমণৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক 'ৰূপালী গুলাবি মীনাকাৰী জাহাজ' উপহাৰ দিয়াৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাক এটা চন্দন কাঠৰ বুদ্ধৰ মূৰ্তি উপহাৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে । উল্লেখ্য যে কমলা হেৰিছৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন (Scott Morrison) আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ (Yoshihide Suga) সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ইফালে এই ভ্ৰমণত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ সৈতেও প্ৰথমখন বৈঠকত মিলিত হোৱাৰ লগতে কোৱাড সন্মিলনত (Quad summit) অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক :কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.