অসম

assam

Students Commits Suicide in Tamilnadu: তামিলনাডুত একে দিনাই ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা

By

Published : Jul 31, 2022, 2:04 PM IST

Updated : Jul 31, 2022, 2:12 PM IST

Students Commits Suicide in Tamilnadu

তামিলনাডুত একে দিনাই দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । চেন্নাইৰ এগৰাকী নাৰ্ছিং শিক্ষাৰ্থী আৰু ভিল্লুপুৰমৰ এজন বি কম ছাত্ৰই শনিবাৰে আত্মহত্যা কৰে (two student from chennai-Villupuram committed Suicide)। ইতিমধ্য়ে আৰক্ষীয়ে দুয়োটা ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

নেচনেল ডেস্ক, ৩১ জুলাই :তামিলনাডুত একে দিনাই দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । চেন্নাইৰ এগৰাকী নাৰ্ছিং শিক্ষাৰ্থী আৰু ভিল্লুপুৰমৰ এজন বি কম ছাত্ৰই শনিবাৰে আত্মহত্যা কৰে(two student from chennai-Villupuram committed Suicide)। ইতিমধ্য়ে আৰক্ষীয়ে দুয়োটা ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

ঘটনাৰ বিবৰণি অনুসৰি নাৰ্ছিং কলেজ চেন্নাইৰ তিৰুভেকাডুৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীগৰাকীয়ে দিনদুপৰতেই আত্মহত্যা কৰে । শনিবাৰে আবেলি ছাত্ৰীগৰাকীয়ে তেওঁৰ বান্ধৱীৰ সৈতে দুপৰীয়াৰ আহাৰৰ বাবে কোঠালৈ আহে । ইয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে তেওঁৰ বান্ধৱীসকলক প্ৰথমে আহাৰৰ বাবে যাবলৈ কয় । কিন্তু ছাত্ৰীগৰাকী আহাৰ গ্ৰহণ কৰা কোঠালৈ পাছত নহাত বান্ধৱীসকলে কোঠালৈ যায় । কিন্তু বান্ধৱীসকলে কোঠালৈ গৈ ছাত্ৰীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে ।

লগে লগে মহাবিদ্যালয় প্ৰশাসন আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কিলপক্কম চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Kilpakkam Government Hospital)। উল্লেখ্য় যে এই মহাবিদ্যালয়খনত ১০০ তকৈও অধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে ।

আনহাতে, মহাবিদ্যালয়খনৰ ওপৰমহলাতে আছে হোষ্টেলটো । এই আত্মহত্যাৰ বিষয়ে তিৰুভেকাডু আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা অনুসন্ধান কৰি আছে ।

ইপিনে, ভিল্লুপুৰমৰ বি কমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ এজনে আত্মহত্যা কৰে । পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুণ্ডিয়ামপাক্কাম চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Mundiyampakkam Government Hospital)। আৰক্ষীয়ে ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Militant killed in encounter: বাৰামুল্লাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত সন্ত্ৰাসবাদী

Last Updated :Jul 31, 2022, 2:12 PM IST

ABOUT THE AUTHOR

...view details