অসম

assam

NLFT ৰ এম্বুশ্বৰ পাচত সুৰক্ষা বাহিনীক সতৰ্ক হোৱাৰ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

By

Published : Aug 23, 2022, 6:30 PM IST

কেইদিনমান পূৰ্বে ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হয় বিএছএফৰ জোৱান । তাৰ পাছতে সীমান্তত নিয়োজিত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে (Tripura CM directs Jawan to remain alert)। সীমান্তৰ কাঁইটীয়া তাঁৰ স্থাপনৰ কাম সম্পূৰ্ণ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ ।

Tripura
আৰক্ষী আৰু BSFক সতৰ্ক কৰি দিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই

আগৰতলা, ২৩ আগষ্ট :ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ আৰু নিচা জাতীয় দ্ৰব্যৰ সৰবৰাহৰ দৰে অপৰাধমূলক কাৰ্যকলাপ অব্যাহত আছে । ইয়াৰ মাজতে শেহতীয়াকৈ ত্ৰিপুৰা উত্তৰ জিলাৰ সীমান্তত নিষিদ্ধ সংগঠন নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ আক্ৰমণত নিহত হয় এগৰাকী বিএছএফৰ জোৱান (NLFT attack on BSF)।

জোৱানগৰাকীৰ মৃত্যুৰ (BSF Jawan martyred near Bangladesh border) পাছতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাজ্যখনৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষাত নিয়োজিত বিএছএফৰ জোৱানসকলক উদ্দেশ্যি বিশেষ আহ্বান জনাইছে । সীমান্তত নিয়োজিত সকলো জোৱানকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে (Tripura CM on border BSF killed)।

আনহাতে, সীমান্তত কাঁইটীয়া তাঁৰ স্থাপনৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই এই আক্ৰমণ সংঘটিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰা মতে বাংলাদেশৰ পক্ষই উত্থাপন কৰা আপত্তিৰ বাবে এতিয়াও কাঁইটীয়া তাঁৰ স্থাপনৰ কিছুমান কাম সম্পূৰ্ণ হোৱা নাই । আনহাতে এই সমগ্ৰ বিষয়টো আন্তৰ্জাতিক বিষয় । কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ সৈতে ইয়াৰ ওপৰত আলোচনা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে ।

যেতিয়া তাঁৰৰ কাম সম্পূৰ্ণ হ'ব এনে ধৰণৰ ঘটনাও হ্ৰাস হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকী আশাবাদী । তেওঁ ইতিমধ্যে সীমান্তত নিয়োজিত জোৱানসকলক সতৰ্ক কৰি দিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছে (Tripura CM directs Jawan to remain alert)।

তেওঁ উল্লেখ কৰা মতে, উগ্ৰপন্থীসকলে সুৰক্ষিত অঞ্চলত থাকি আক্ৰমণ কৰি আছে । যাৰ বাবে তেওঁলোক সুৰক্ষিত হৈ আছে আৰু এই ফালৰ ক্ষতিৰ সংখ্যা বেছি বুলি তেওঁ উল্লেখ কৰে । এনে ধৰণৰ বিষয়বোৰ কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়েও ৰাজ্য চৰকাৰে আলোচনা কৰি আছে বুলি মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই উল্লেখ কৰে ।

লগতে পঢ়ক :দিল্লীত গুলীচালনা, দুজন নিহত

ABOUT THE AUTHOR

...view details