ETV Bharat / bharat

দিল্লীত গুলীচালনা, দুজন নিহত

author img

By

Published : Aug 23, 2022, 9:22 AM IST

দিল্লীৰ মুণ্ডকাত সোমবাৰে নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় (Firing in Mundka)৷ গুলীবিদ্ধ হৈ দুজন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয় (2 people died) লগতে এজন লোক গুৰুতৰভাৱে আহত হয় ৷

Firing case in Delhi
দিল্লীত গুলীচালনাৰ ঘটনা, দুজন নিহত

নিউজ ডেস্ক, 23 আগষ্ট: দিল্লীৰ সমীপৱৰ্তী এলেকাত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে (Firing case in Delhi)৷ দিল্লীৰ মুণ্ডকাত সোমবাৰে নিশা সংঘটিত হয় এই ঘটনাটো (Firing in Mundka)৷ গুলীবিদ্ধ হৈ দুজন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয় (2 people died)৷

মৃত ব্যক্তি দুজন যোগিন্দৰ (৪০) আৰু মংগল (৬০) বুলি চিনাক্ত কৰা হৈছে ৷ গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মোহনলালক ততাতৈয়াকৈ নাংলোই অঞ্চলৰ ছোনিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (One injured in firing case)৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ডিচিপি সমিত শৰ্মাই কয় যে এই ঘটনাত গুলীবিদ্ধ হৈ মৃত আৰু আহত লোকসকলৰ মাজৰ এজন জে জে কলনি বাক্কাৰৱালাৰ বাসিন্দা ৷ এই গুলীচালনাৰ ঘটনাটো সোমবাৰে নিশা জে জে কলনি বাক্কাৰৱালা অঞ্চলত সংঘটিত হৈছিল ৷

এই ঘটনাটোৰ পিছত তিনিওকে ছোনিয়া আৰু ছেহগল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকসকলে দুজন লোকক চিকিৎসালয়তে মৃত ঘোষণা কৰে ৷ আৰক্ষীয়ে গুলীচালনা ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা নাই ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান কৰি আছে ৷ এতিয়ালৈ গুলীচালনা কৰা দুৰ্বৃত্ত কেইটাৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷

উল্লেখ্য যে দিল্লীত আগষ্ট মাহৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে তিনিটাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হয় (3 firing case in Delhi in August)৷ এই মাহৰ আৰম্ভণিতে দিল্লীৰ চিলামপুৰ অঞ্চলত গুলীচালনাত তিনিটা শিশু আহত হৈছিল ৷ একে সময়তে বৃহস্পতিবাৰে সন্ধিয়া নাৰেলা অঞ্চলত এজন যুৱকক গুলীবিদ্ধ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰ পিছত তেওঁক মৃত ঘোষণা কৰা হয় ৷

লগতে পঢ়ক: শিকলিৰে বান্ধি তালিবানী শাস্তি বিহিলে এগৰাকী বোৱাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.