অসম

assam

Amrit Pals arrest latest news : গ্ৰেপ্তাৰ হ’ল নে আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃতপালে ?

By

Published : Apr 23, 2023, 1:01 PM IST

আৰক্ষীৰ জিম্মাত লোৱাৰ পিচতে পঞ্জাৱ আৰক্ষীৰ আই জি সুখচাইন সিং গিলে এক সংবাদমেলৰ আয়োজন কৰি অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰে ৷ কিন্তু খালিস্তানী নেতাজনে আত্মসমৰ্পণ কৰিলে নে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তাকে লৈ আৰম্ভ হৈছে চৰ্চা (Punjab police press meet on Amrit Pals arrest) ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ জিম্মাত অমৃতপাল সিং ৷ অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পিচতে পঞ্জাৱ আৰক্ষীৰ আই জি সুখচাইন সিং গিলে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলযোগে দেওবাৰৰ পুৱা মোগাৰ ৰ’ড গাঁৱৰ পৰা অমৃতপালক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰে (Punjab police press meet)।

খালিস্তানী নেতা অমৃতপাল সিঙক কৰায়ত্ত কৰিবলৈ বিগত প্ৰায় এমাহৰো অধিক দিন ধৰি পঞ্জাৱ আৰক্ষীয়ে কেইবাগৰাকীও খালিস্তানী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে ৷ মুঠ 9 জন খালিস্তানী নেতাক বৰ্তমানলৈ কাৰাবন্দী কৰি ৰখা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৷ তাৰ পিচতো আৰক্ষী সক্ষম হোৱা নাছিল খালিস্তানী নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ ৷ অৱশেষত 36 দিনৰ অন্তত আৰক্ষীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আনিবলৈ সক্ষম হ’ল খালিস্তানী নেতাজনক ৷ যদিও এতিয়াও স্পষ্ট হোৱা নাই খালিস্তানী নেতাজনক গ্ৰেপ্তাৰ কৰা হ’ল নে নেতাজনে আত্মসমৰ্পণ কৰিলে (Khalistani leaders in Dibrugarh jail) ৷

ইয়াকে লৈ আৰম্ভ হৈছে চৰ্চা ৷ আই জি সুখচেইন সিঙে সংবাদমেলত কয় যে পঞ্জাৱ আৰক্ষীৰ সকলো শাখাই একেলগে কাম কৰি আছে । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অমৃতপাল সিঙৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয় । দেওবাৰৰ পুৱা 6:45 বজাত পঞ্জাৱৰ মোগা জিলাৰ ৰ’ডে গাঁৱৰ পৰা অমৃতপালক গ্ৰেপ্তাৰ কৰা হয় । পুৱাই পঞ্জাৱ আৰক্ষীয়ে ভিলেজ ৰ’ডটোক ঘেৰাও কৰি ৰাখিছিল বুলি জানিবলৈ দিয়ে (Amritpal Singh surrenders) ।

গ্ৰেপ্তাৰৰ পিচতে অমৃতপালক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । সংবাদমেলৰ সময়ত আই জি সুখচেইন সিং গিলে কয় যে একাংশ লোকে পঞ্জাৱৰ পৰিৱেশ নষ্ট কৰিব বিচাৰে, তেওঁলোকক তেনে নকৰিবলৈ আই জিগৰাকীয়ে সকীয়নি প্ৰদান কৰে ৷ অন্যথা সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে (Khalistani leader Amritpal Singh news update) ।

আনহাতে, গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে গুৰুদ্বাৰৰ যি এক ভিডিঅ’ ভাইৰেল হৈছে সেই ভিডিঅ’টোৱে অমৃতপাল সিঙে আত্মসমৰ্পণ কৰিলে নে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল তাক ৰহস্যৰ মাজলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে ৷ কিয়নো ভাইৰেল ভিডিঅ’টোত ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙে গুৰুদ্বাৰত উপস্থিত থকা ভক্তক উদ্দেশি কোৱা বক্তব্যৰ পৰা সেয়া আত্মসমৰ্পণ যেন প্ৰতীয়মান হয় ৷ অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে অমৃতপালক গ্ৰেপ্তাৰ কৰা বুলিহে দাবী কৰা দেখিবলৈ পোৱা গৈছে (Viral video before Amritpal Singh surrenders) ৷

লগতে পঢ়ক :Amritpal Singh viral video: আত্মসৰ্মপণৰ পূৰ্বে শিখ যুৱ প্ৰজন্মক উদ্দ্যেশি কি ক’লে অমৃতপাল সিঙে ?

ABOUT THE AUTHOR

...view details