অসম

assam

কৰ্ণাটকত ধৰ্ষণ কৰি হত্যা মাতৃক

By

Published : Nov 15, 2020, 6:15 PM IST

কৰ্ণাটকৰ শিৱপ্পা লামানি নামৰ এজন যুৱকে বিগত 12 নৱেম্বৰত মাতৃক গংগীৱাবী ৰোডৰ সমীপৰ এক জনশূন্য এলেকালৈ নি ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰে ৷

Son raped and killed his Mother in Haveri etv bharat news
কৰ্ণাটকত ধৰ্ষণ কৰি হত্যা মাতৃক

হাভেৰী,15 নৱেম্বৰ:কৰ্ণাটক সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ শিগানবী তালুকৰ গংগিৱাবী ৰোডত এগৰাকী 21 বছৰীয়া যুৱক শিৱপ্পা লমানীয়ে মাতৃক ফুচুলাই নি নিৰ্জন স্থানত ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰে ৷ বিগত 12 নৱেম্বৰত সংঘটিত হৈছে এই ঘটনা ৷

যুৱকগৰাকীৰ পিতৃৰ 6 বছৰ পূৰ্বে মৃত্যু ঘটিছিল ৷ স্বামীৰ মৃত্যুৰ পিছৰে পৰা শিৱপ্পাৰ মাতৃয়ে আন এগৰাকী পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল ৷ এই কথাতে পুত্ৰই অসন্তুষ্ট হৈ মাতৃক নিৰ্মমভাৱে হত্যা কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় শিগগাংৱ টাউন আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হৈছিল ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে চাওকঃবিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

ABOUT THE AUTHOR

...view details