অসম

assam

Odisha train derailment update : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত 288 জন নিহত

By

Published : Jun 3, 2023, 8:01 AM IST

Updated : Jun 4, 2023, 7:31 AM IST

শেহতীয়া খবৰ অনুসৰি, ওড়িশাৰ বালাশ্বৰ বাহানাগা ষ্টেচনৰ সমীপত সংঘটিত ৰে’ল দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত 288 জন নিহত হোৱাৰ লগতে 900 ৰো অধিক লোক আহত হৈছে (Odisha train derailed) ৷ বৰ্তমানো বহু যাত্ৰী দুৰ্ঘটনাস্থলীত আৱদ্ধ হৈ আছে (Death toll rises in Odisha train accident) ৷

Odisha train derailment update
ওড়িশাৰ ৰে’ল দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 3 জুন : ওড়িশাত অঘটন ৷ শুকুৰবাৰে বিয়লি প্ৰায় 7 ওড়িশাৰ বালাশ্বৰ বাহানাগা ষ্টেচনৰ সমীপত সংঘটিত হয় ভয়ংকৰ ৰে’ল দুৰ্ঘটনা (Train accident in Odisha) ৷ তথ্য অনুসৰি এই পৰ্যন্ত ৰে’ল দুৰ্ঘটনাত 288 জন লোক নিহত হোৱাৰ লগতে 900 ৰো অধিক লোক আহত হৈছে ৷

তথ্য অনুসৰি, শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছ ৰে’লখনৰ এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষৰ পিচত 10 ৰ পৰা 12 টা ডবা লাইনচ্যুত হৈ বিপৰীত ট্ৰেকত বাগৰি পৰে ৷ ইয়াৰ পিচতে বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ লাইনচ্যুত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ডবা কেইটাৰ সৈতে সংঘৰ্ষ হয় ৷ ফলত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ তিনি-চাৰিটা ডবা লাইনচ্যুত হৈ পৰে ৷ এই ৰে’ল দুৰ্ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ দেশ ৷

ইফালে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে এই ৰে’ল দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে । ANI ৰ ত প্ৰকাশ কৰা তথ্য অনুসৰি, মন্ত্ৰীগৰাকীয়ে কয় যে এই দুৰ্ঘটনাটো অতি দুৰ্ভাগ্যজনক ৷ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে ৰে’ল মন্ত্ৰালয়ে সামান্য পৰিমাণৰ আহতসকলৰ 50 হাজাৰ টকাৰ এককালীন সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে । আনহাতে, মৃতকৰ আত্মীয়ক 10 লাখ 50 হাজাৰ টকা আৰু গুৰুতৰভাৱে আহতসকলক 2 লাখ 50 হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে ।

ইফালে শনিবাৰে অৰ্থাৎ আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব ওড়িশা মুখ্যমন্ত্ৰী নবীন পাটনায়কে (Coromandel Express Derailed) ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ৷ ওড়িশাৰ এই দুৰ্ঘটনা সম্পৰ্কে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতি ঘটনাৰ সামগ্ৰিক পৰিস্থিতি বুজ লয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷

উল্লেখ্য যে, এই দুৰ্ঘটনাৰ পাচতে ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে ৰে’লৱে সুৰক্ষা কৰ্মীৰ দল উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ সমান্তৰালভাৱে ৰে’লৱেৰ তাৎক্ষণিক সাহায্য আযুক্তই (Special Relief Commissioner) তদন্তৰ বাবে ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ODRAF ৰ এটা অনুসন্ধানকাৰী দলক ৷ আনকি জিলা উপায়ুক্তয়ো ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰিক পৰিস্থিতি বুজ লয় (Coromandel Express derails in Odisha) ৷

সংবাদ সংস্থা ANI য়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বহু যাত্ৰী এতিয়াও দুৰ্ঘটনাস্থলীত আবদ্ধ হৈ আছে (Death toll rises in Odisha train accident) ৷ মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা প্ৰকাশ কৰা হৈছে (Odisha train derailed) ৷

ইফালে, ৰে’লৱে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰো ৷ আনকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে ওড়িশাৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত টুইযোগে শোক বাৰ্তা প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক :Odisha train derailed: ওড়িশাত ৰে’ল দুৰ্ঘটনা; অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা

Last Updated : Jun 4, 2023, 7:31 AM IST

ABOUT THE AUTHOR

...view details