অসম

assam

Nagaland Assembly Election 2023: নাগালেণ্ড বিজেপিৰ সভাপতিক ভোট নিদিয়াৰ সকীয়নি এনএছচিএনৰ

By

Published : Feb 23, 2023, 10:17 PM IST

ৰাজ্যখনৰ বিজেপি সভাপতি টেনজেম ইমনা আলঙক ভোট নিদিবলৈ আলংটাকি সমষ্টিবাসীক এন এছ চি এনৰ (আই এম) সকীয়নি প্ৰদান (NSCN IM warns people not to vote BJP President) । উল্লেখ্য, আলঙে নগা লোকক ভাৰতীয় বুলি কৈছিল । প্ৰতিক্ৰিয়া নাডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Nagaland
Nagaland

যোৰহাট, ২৩ ফেব্ৰুৱাৰী :সমাগত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন (Nagaland Assembly election 2023) । অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন । একেদিনাই অনুষ্ঠিত হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য মেঘালয় বিধানসভাৰো নিৰ্বাচন (Meghalaya Assembly election 2023) । ইতিমধ্যে দুয়োখন ৰাজ্যতে প্ৰচাৰ অভিযান অন্তিম পৰ্যায়ত উপনীত হৈছে । ৰাজ্য দুখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাষ্ট্ৰীয় তথা ৰাজ্যিক আটাইকেইটা ৰাজনৈতিক দলেই ভোটাৰ ৰাইজৰ মাজত সোমাই ব্যাপক প্ৰচাৰ অভিযান চলাই আছে ।

তাৰ মাজতে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে থিয় দিছে নাগালেণ্ডৰ অন্যতম সশস্ত্ৰ সংগঠন তথা বৰ্তমান যুদ্ধ বিৰতিত থকা আৰু কেন্দ্ৰ সৈতে শান্তি চুক্তিৰ অপেক্ষাত থকা এন এছ চি এ (আই এম) (NSCN IM stand up against BJP) । ৰাজ্যখনৰ বিজেপি সভাপতি টেনজেম ইমনা আলঙক ভোট নিদিবলৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সমষ্টি আলংটাকি সমষ্টিবাসীক NSCN (IM)-ৰ তৰফৰ পৰা সকীয়নি প্ৰদান কৰা হৈছে (NSCN IM warns people not to vote BJP President) ।

উল্লেখ্য, নিৰ্বাচনী প্ৰচাৰৰ সময়ত নগা জাতিক ভাৰতীয় নাগৰিক বুলি উল্লেখ কৰিছিল টেনজেম ইমনা আলঙে । এই কথা কোৱাৰ বাবেই নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (আই এম) ৰোষত পৰিছে নাগালেণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি টেমজন ইমনা আলং । বিজেপি নেতাগৰাকীৰ উক্ত মন্তব্যৰ বাবে ত্ৰিশ নং আলংটাকি সমষ্টিৰ অন্তৰ্গত সকলো নগাবাসীক এইবাৰ নিৰ্বাচনত তেওঁক ভোট নিদিবলৈ আহ্বান জনাইছে এন এছ চি এনে । সংগঠনটোৰ এই নিৰ্দেশনাই পাহাৰীয়া ৰাজ্যখনত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আলংটাকি সমষ্টিৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে । কিন্তু তাৰ মাজতে বিপদ আহিছে নাগালেণ্ড বিজেপি সভাপতিগৰাকীৰ বাবে । ইতিমধ্যে আলংটাকি সমষ্টিবাসীলৈ এন এছ চি এনে (আই এম) জাননী জাৰি কৰি তেওঁক ভোট নিদিবলৈ আহ্বান জনাইছে । আনহাতে, বৃহস্পতিবাৰে নাগালেণ্ড বিধাসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ সময়ত সাংবাদিকে এই সন্দৰ্ভত নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (NEDA convener Himanta Biswa Sarma) পৰা এই সন্দৰ্ভত জানিব বিচৰাত তেওঁ কয়, এয়া তেওঁলোকৰ মাজত সংঘটিত এক ভুল বুজাবুজি । লগতে হিমন্ত বিশ্ব শৰ্মাই কয় যে, এয়া তেওঁলোকৰ আঞ্চলিক বিষয় ।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, যদি সমষ্টিবাসীয়ে বিজেপি সভাপতিগৰাকীৰ সপক্ষে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, তেন্তে এন এছ চি এনৰ (আই এম) সংবিধান মতে শাস্তি দিয়াৰ কথাও ঘোষণা কৰিছে । ফলত নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত এন এছ চি এনৰ (আই এম) এই ঘোষণাই ৰাজ্যখনৰ বিজেপি দলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে ৬০ খন আসন বিশিষ্ট নাগালেণ্ড বিধানসভা নিৰ্বাচনত শাসকীয় এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ আঞ্চলিক দল এন পি এফ (NPF) মাজত মূল প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ'ব পূৰ্বানুমান কৰা হৈছে ।

২৭ ফেব্ৰুৱাৰীত পাহৰীয়া ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে এন ডি পি পি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে । আনহাতে, অসমৰ মুখ্যমন্ত্ৰী তথা নাডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে পাহাৰীয়া ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আছে । তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শাসন ক্ষমতা ধৰি ৰখাটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক সন্মানৰ কথা হৈ পৰিছে । কিন্তু এন এছ চি এনৰ (আই এম) শেহতীয়া এই স্থিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । কিন্তু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিয়ে এই প্ৰত্যাহ্বানৰ কেনেদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Lok Sabha Election 2023 : কংগ্ৰেছৰ সমষ্টি দখলৰ বাবে মাৰ্চত আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

ABOUT THE AUTHOR

...view details