ETV Bharat / state

Lok Sabha Election 2023 : কংগ্ৰেছৰ সমষ্টি দখলৰ বাবে মাৰ্চত আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

author img

By

Published : Feb 23, 2023, 5:39 PM IST

লোকসভা নিৰ্বাচনত অসমত '১২ প্লাছ'ৰ লক্ষ্য লৈ বিজেপিয়ে আৰম্ভ কৰিছে ৰণকৌশল । কংগ্ৰেছৰ দখলত থকা বৰপেটা, কলিয়াবৰ আৰু নগাঁও বিজেপিয়ে দখলৰ পথ প্ৰশস্ত কৰিবলৈ মাৰ্চত এই তিনিওটা সমষ্টিত উপস্থিত হ’ব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP president JP Nadda to visit Assam) । বিজেপিয়ে আগতীয়াকৈ প্রার্থী বাছনিত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ব্যস্ত হৈছে সমষ্টি দখলৰ অংকত ।

bjp
bjp

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি (BJP preparation to general election 2024) । '১২ প্লাছ'ৰ লক্ষ্য লৈ বিজেপিয়ে আৰম্ভ কৰিছে ৰণকৌশল (Assam BJP blueprint for lok sabha election 2024) । কংগ্ৰেছৰ দখলত থকা লোকসভাৰ তিনিটা সমষ্টি যিকোনো প্ৰকাৰে বিজেপিয়ে এইবাৰ দখলৰ লক্ষ্য গ্ৰহণ কৰিছে । ইফালে দলটোৰ বহু ন-পুৰণি নেতাই প্রার্থিত্বৰ বাবে আগতীয়াকৈ প্ৰভাৱ বিস্তাৰত নামি পৰিছে । কংগ্ৰেছৰ দখলত থকা বৰপেটা, কলিয়াবৰ আৰু নগাঁও এইবাৰ বিজেপিয়ে দখলৰ পথ প্ৰশস্ত কৰিবলৈ মাৰ্চত এই তিনিওটা সমষ্টিত উপস্থিত হ’ব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda to visit Assam) ।

মাৰ্চত ৰাষ্ট্ৰীয় সভাপতিগৰাকী এই সমষ্টি তিনিটাত উপস্থিত হ’ব বুলি আগতীয়া সূচী প্ৰস্তুত কৰাত আগন্তুক নিৰ্বাচনত এই সমষ্টিকেইটাত বিজেপিয়ে প্রার্থী থিয় কৰোৱাটো নিশ্চিত । উল্লেখ্য যে, কংগ্ৰেছৰ দখলত থকা এই সমষ্টি তিনিটাৰ বৰপেটা আৰু কলিয়াবৰ বিগত নিৰ্বাচনত বিজেপিয়ে অগপক এৰি দিছিল (AGP BJP lok sabha election alliance) । কেৱল নগাঁৱতহে বিজেপিয়ে প্রার্থিত্ব দিছিল । পূৰ্বৰ কেইবাটাও নিৰ্বাচনৰ জৰিয়তে নগাঁও নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচনত সমষ্টিটো হেৰুৱাবলগা হৈছিল (BJP strategy for Nagaon lok sabha constituency) ।

কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ হাতত পৰাজিত হৈছিল বিজেপিৰ ৰূপক শৰ্মা । ইফালে কলিয়াবৰত অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত কংগ্ৰেছৰ গৌৰৱ গগৈৰ হাতত আৰু বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকৰ হাতত অগপৰ কুমাৰ দীপক দাস পৰাজিত হৈছিল (congress MP Gaurab Gogoi) । ২০১৯-ৰ নির্বাচনত বিজেপিয়ে অগপক কলিয়াবৰ, বৰপেটাৰ লগতে ধুবুৰী সমষ্টি এৰি দিছিল যদিও আঞ্চলিক দলটোৱে এটা সমষ্টিও দখল কৰিবলৈ সক্ষম নহ'ল । ইয়াৰ বিপৰীতে বিজেপিয়ে ৯টা সমষ্টি দখল কৰি অসমত লোকসভাৰ নিৰ্বাচনত ইতিহাস ৰচিছিল । বিগত নির্বাচনত অগপই এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল । সেয়ে এইবাৰ বিজেপিয়ে কলিয়াবৰ আৰু বৰপেটা এৰি দিবলৈ বিচৰা নাই । হয়তো ধুবুৰী অগপৰ বাবে এৰি বৰপেটা আৰু কলিয়াবৰত নিজাববীয়া প্রার্থী আগবঢ়াব বিজেপিয়ে ।

এনে এখন ছবি আগতীয়াকৈ স্পষ্ট হোৱাত এতিয়া গেৰুৱা দলটোৰ বহু নেতাই সমষ্টি দুটাৰ প্রার্থিত্বৰ বাবে আগতীয়াকৈ প্ৰভাৱ বিস্তাৰত নামি পৰিছে । তাৰ মাজতেই আকৌ কংগ্ৰেছৰ দখলত থকা নগাঁৱৰ বাবেও প্রার্থিত্ব প্ৰত্যাশীৰ তালিকা দীঘলীয়া হৈ গৈ আছে । নগাঁৱৰ বাবে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা আৰু প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ পুত্ৰই জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সেইদৰে কলিয়াবৰৰ বাবেও মৃণাল শ‍ইকীয়াৰ লগতে আন কেইবাজনৰো নাম চৰ্চাত আছে । বৰপেটাৰ বাবে হেতা-ওপৰা লগাইছে কেইবাজনো নেতাই । কিন্তু গেৰুৱা দলটোৱে আগতীয়াকৈ প্রার্থী বাছনিত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সমষ্টি দখলৰ অংকতহে ব্যস্ত হৈছে ।

বিশেষকৈ মাৰ্চত ৰাষ্ট্ৰীয় সভাপতি অসমলৈ আহিলে বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব তাৰ পৰিকল্পনাত ব্যস্ত হৈছে ৰাজ্যিক বিজেপি । লোকসভা নির্বাচনক লৈ গেৰুৱা দলটোৰ এনে স্থিতিৰ বিপৰীতে মিত্ৰদল অগপই এতিয়ালৈকে কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই কথা স্পষ্ট কৰা নাই । মিত্রদল অগপই বিগ ব্ৰাদাৰ বিজেপিৰ পৰা কেৱল মাত্র এটা সমষ্টি লাভ কৰিব পাৰে । তাকো বৰ্তমান সময়ত নিশ্চিত নহয় ।

লগতে পঢ়ক :Pawan Khera arrested: কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.