ETV Bharat / bharat

Pawan Khera arrested: কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

author img

By

Published : Feb 23, 2023, 4:47 PM IST

দিল্লী বিমান বন্দৰত কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰপ্তাৰ ৷ অসম আৰক্ষীৰ আহ্বানৰ পাচতেই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ নেতাগৰাকীক (Congress leader Pawan Khera arrested) ৷ ছত্তীশগড়লৈ ৰাওনা হ’বলৈ বিমানত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় পৱন খেৰাক ৷

Pawan Khera arrested
কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ (Congress leader Pawan Khera arrested) ৷ দিল্লী আৰক্ষীক অসম আৰক্ষীয়ে জনোৱা আহ্বানৰ পাচতেই পৱন খেৰাক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে ৷ AICC ৰ এক বৈঠকত অংশগ্ৰহণৰ বাবে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰলৈ ইণ্ডিগ’ বিমানেৰে যাত্ৰা কৰিবৰ বাবে দিল্লী বিমান বন্দৰত উপস্থিত হৈছিল পৱন খেৰা ৷ পৱন খেৰাক গ্ৰেপ্তাৰৰ পাচতেই বিমান বন্দৰতেই একাংশ কংগ্ৰেছ নেতাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

পৱন খেৰাক গ্ৰেপ্তাৰৰ পাচতেই তেওঁ টুইটযোগে কয়, ‘‘মোক কিয় গ্ৰেপ্তাৰ হৈছে নাজানো ৷ বিমান উঠাৰ পাচত মোক সামগ্ৰী পৰীক্ষা কৰিব লাগিব বুলি নামিবলৈ কৈছিল ৷ মই কৈছিলো যে, হেণ্ডবেগ এটাৰ বাহিৰে মোৰ লগত একো নাই ৷ মই বিমানৰ পৰা নামি অহাৰ পাচতেই মোক যাত্ৰা কৰিব নোৱাৰিব বুলি কয় (Pawan Khera stopped at Delhi Airport) ৷ ’’

এই সন্দৰ্ভত কংগ্ৰেছ নেতা সুপ্ৰিয়া শ্ৰীনাটে কয়, ‘‘কংগ্ৰেছ নেতাসকলে AICC ৰ 85 তম পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ছত্তীশগড়ৰ ৰায়পুৰলৈ ৰাওনা হৈছিল ৷ কিন্তু বিমান যাত্ৰা কৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷’’ এয়া বিজেপি চৰকাৰৰ একনায়কত্ববাদ বুলিও মন্তব্য কৰে সুপ্ৰিয়া শ্ৰীনাটে (Pawan Khera stopped from boarding flight) ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘গৌতমদাস’ মোডী বুলি এক সংবাদমেলত কটাক্ষ কৰিছিল পৱন খেৰাই ৷ এই মন্তব্যৰ পাচতেই দেশৰ বিভিন্ন প্ৰান্তত বিজেপি কৰ্মীসকলে পৱন খেৰাক গ্ৰেপ্তাৰৰ দাবীৰে দাখিল কৰিছিল এজাহাৰ (Pawan Khera remarks on PM Modi) ৷

আনহাতে, এই মন্তব্যক লৈ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এগৰাকী কংগ্ৰেছ নেতাই দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত কৰা এনে অপমানসূচক মন্তব্য দেশবাসীয়ে কেতিয়াও পাহৰি নাযায় আৰু ক্ষমা কৰি নিদিয়ে বুলি টুইটত উল্লেখ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Pawan Khera) ৷

প্ৰধানমন্ত্ৰী সম্পৰ্কে কৰা এই মন্তব্যৰ বাবেই অসম আৰক্ষীৰ আহ্বান মৰ্মে দিল্লী আৰক্ষীয়ে পৱন খেৰাক গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ হৈছে চৰ্চা ৷ কিন্তু বৰ্তমানলকে স্পষ্ট হোৱা নাই গ্ৰেপ্তাৰৰ আচল কাৰণ ৷

ইণ্ডিগো বিমানখনত উপস্থিত আছিল অসমৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া । শইকীয়াই জনোৱা মতে, পৱন খেৰাসহ ভালেসংখ্যক কংগ্ৰেছ নেতা ৰায়পুৰলৈ যাবলৈ বিমানত উঠিছিল । তেতিয়াই তেওঁক জনোৱা হয় যে, দিল্লী আৰক্ষীয়ে কংগ্ৰেছ নেতা পৱন খেৰাক অসম আৰক্ষীৰ অনুৰোধ মৰ্মে গ্ৰেপ্তাৰ কৰিব ৷

অসম আৰক্ষীৰ সূত্ৰমতে মতে, বুধবাৰে পৱন খেৰাৰ বিৰুদ্ধে অসমত সাম্প্ৰদায়িক অশান্তি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হয় । এই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে । এতিয়া দিল্লী বিমানবন্দৰত চিআইএছএফ নিয়োগ কৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে (Pawan Khera arrested by Assam Police) ৷ পৱন খেৰাক ট্ৰাঞ্জিত ৰিমাণ্ডৰ বাবে দ্বাৰকা আদালতত হাজিৰ কৰা হ’ব ৷ জ্যেষ্ঠ অধিবক্তা এ এম সিংঘৱীয়ে মুখ্যন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আগত আবেদন দাখিল কৰিছে ৷ এই আবেদনত খেৰাৰ বিৰুদ্ধে বিভিন্ন থানাত দাখিল কৰা এজাহাৰসমূহ একত্ৰীকৰণৰ বাবে বিচৰা হৈছে ৷

লগতে পঢ়ক: Congress Pawan Khera on Modi : প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ গৌতমদাস মোদী আখ্যা কংগ্ৰেছ নেতা পৱন খেৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.