অসম

assam

Corona Cases India: আকৌ আহিল নেকি ক'ভিড ?

By

Published : Nov 15, 2022, 1:27 PM IST

পুনৰ বাঢ়িছে নেকি ক'ভিড সংক্ৰমণ ? মঙলবাৰে পুৱাৰ ভাগত ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে এক তথ্য(Corona cases update India) । মন্ত্ৰালয়ে ২৪ ঘন্টাত নতুনকৈ বৃদ্ধি পোৱা ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰকাশ কৰে ।

new corona cases in india
আকৌ আহিল নেকি কভিদ ?

নেশ্যনেল ডেস্ক,১৫ নৱেম্বৰ:মঙলবাৰে পুৱাৰভাগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Health Ministry of India) যোৱা 24 ঘন্টাত ক'ভিডৰ নতুন সংক্ৰমণৰ কথা ঘোষণা কৰিছে(Corona cases update India) । এটা দিনতে ৪৭৪ গৰাকী লোক ক'ভিডত সংক্ৰমিত হোৱাৰ কথা উল্লেখ কৰিছে । বৰ্তমানলৈ সমগ্ৰ দেশত মুঠ ক'ভিড ৰোগীৰ সংখ্যা হৈছেগৈ ৪,৪৬,৬৭,৩৯৮ গৰাকী । ৬ এপ্ৰিল ২০২২ ৰ পাছত এয়া সৰ্বনিম্ন বুলি অভিহিত কৰিছে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(India covid19 latest news) ।

মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰে পুৱা ৮ বজাত গুজৰাটত ক'ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু ঘটে । যাৰ পৰিপ্ৰেক্ষিতত দেশত ক'ভিডত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা ৫,৩০,৫৩৩ জনলৈ বৃদ্ধি পাইছে । ইফালে ভাৰতত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৭,৯১৮ লৈ হ্ৰাস পাইছে । আনহাতে ক'ভিডৰ পৰা আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৯৮.৭৯ শতাংশলৈ উন্নীত হৈছে । মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,৪১,২৭,৭২৪ গৰাকী ।

মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে 219.81 কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে । উল্লেখ্য যে ভাৰতৰ ক'ভিড আক্ৰান্তৰ সংখ্যা ৭ আগষ্ট, ২০২০ তাৰিখে ২০ লাখ, ২৩ আগষ্ট, ২০২০ তাৰিখে ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ৪০ লাখ অতিক্ৰম কৰিছিল । ১৬ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ৫০ লাখ, ২৮ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ৬০ লাখ, ১১ অক্টোবৰ, ২০২০ তাৰিখে ৭০ লাখ অতিক্ৰম কৰে, ২৯ অক্টোবৰ, ২০২০ তাৰিখে ৮০ লাখ অতিক্ৰম কৰে আৰু ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে ।

লক্ষণীয়ভাৱে ২০২০ চনৰ ১৯ ডিচেম্বৰত দেশত এই ঘটনাবোৰে এক কোটি অতিক্ৰম কৰিছিল । যোৱা বছৰ, সংক্ৰমিত লোকৰ সংখ্যা ৪ মে'ত দুই কোটি আৰু ২৩ জুন, ২০২১ তাৰিখে তিনি কোটি অতিক্ৰম কৰিছিল । চলিত বৰ্ষৰ ২৫ জানুৱাৰীত, মুঠ সংক্ৰমণৰ সংখ্যা চাৰি কোটি অতিক্ৰম কৰিছিল ।

লগতে পঢ়ক:Early retirement crisis: বিত্তীয় সমস্যা সমাধানৰ বাবে নীতিন কামাথৰ পৰামৰ্শ

ABOUT THE AUTHOR

...view details