অসম

assam

Nepal PM Visit: চাৰিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী

By

Published : May 31, 2023, 11:21 AM IST

আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড ৷ প্ৰধানমন্ত্ৰী দাহালে চাৰিদিনীয়া এই ভ্ৰমণসূচীৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখাড়কো সাক্ষাৎ কৰিব (Nepal PM Prachanda official visit to India) ।

Nepal PM Visit
চাৰিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, ৩১ মে’: নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড বুধবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব (Nepal PM Pushpa Kamal Dahal) ৷ বুধবাৰে দুপৰীয়া ২:৫০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব প্ৰতিৱেশী ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত তেওঁ মহাত্মা গান্ধীৰ সমাধিত পুষ্পস্তৱক অৰ্পণ কৰি তেওঁৰ কাৰ্যসূচী আৰম্ভ কৰিব (Prachanda visit to India begins today )। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

নেপালী প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত বৈঠকত মিলিত হ’ব (Nepal PM Prachanda official visit to India) । ইয়াৰ পাচত তেওঁ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক চুক্তি বিনিময়ৰ পৌৰোহিত্য কৰিব আৰু একেস্থানৰ পৰা এখন প্ৰেছ বিবৃতি জাৰি কৰিব । বিয়লি ৪ বজাত নেপালী প্ৰধানমন্ত্ৰীগৰাকীয়ে উপ ৰাষ্ট্ৰপতি জগদীপ ধানখাড়ক মৌলানা আজাদ ৰোডত থকা তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিব (Nepal Prime Minister Pushpa Kamal visit ) ।

ইয়াৰ পাচত প্ৰধানমন্ত্ৰী দাহালে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰিব । ভ্ৰমণৰ দ্বিতীয় দিনা, তেওঁৰ আনুষ্ঠানিক ব্যস্ততাৰ উপৰিও, এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইন্দোৰলৈ ৰাওনা হ'ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, তেওঁ উজ্জয়িনীলৈও যোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পাচত শনিবাৰে বিয়লি ৪.২০ বজাত তেওঁ কাঠমাণ্ডুলৈ ৰাওনা হ'ব । প্ৰধানমন্ত্ৰী দাহালৰ সৈতে তেওঁৰ ভ্ৰমণকালত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক চৰকাৰী বিবৃতিত কয়, "প্ৰধানমন্ত্ৰী দাহালে ভাৰত আৰু নেপালৰ মাজত দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বিস্তৃত আলোচনা কৰিব ।" তেওঁ আন কেইবাজনো গণ্যমান্য ব্যক্তিকো তেওঁ লগ কৰিব । নেপাল আৰু ভাৰতৰ মাজৰ সম্পৰ্ক ইতিমধ্যে ভাল হৈছে । এই সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলাৰ বাবে দুয়োখন দেশে প্ৰচেষ্টা হাতত লৈছে । ভাৰতে সদায় ইয়াৰ চুবুৰীয়া দেশ নেপালৰ প্ৰতি উদাৰতা মনোভাৱ পোষণ কৰি আহিছে ।

লগতে পঢ়ক:Ujjain Temple Statues Broken Issue: উজ্জয়িনী মন্দিৰত ভঙা মূৰ্তিক লৈ বিজেপিক সমালোচনা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details