ETV Bharat / bharat

Ujjain Temple Statues Broken Issue: উজ্জয়িনী মন্দিৰত ভঙা মূৰ্তিক লৈ বিজেপিক সমালোচনা কংগ্ৰেছৰ

author img

By

Published : May 30, 2023, 8:43 PM IST

মধ্যপ্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ নেতা জে পি আগৰৱালে শেহতীয়া ঘটনাটোৰ প্ৰসংগ উত্থাপন কৰে । উল্লেখ্য, উজ্জয়িনীৰ বিখ্যাত মহাকাল (ভগৱান শিৱ) মন্দিৰ চৌহদৰ ভিতৰত হোৱা তীব্ৰ ধুমুহাৰ ফলত প্ৰাচীন ঋষি আৰু দেৱতাৰ কেইবাটাও বিশাল মূৰ্তি ভাঙি পৰে । যোৱা বছৰ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ নিৰ্মাণ কৰা মন্দিৰ চৌহদটো উদ্বোধন কৰিছিল (congress slams BJP on Ujjain Temple Statues) ।

Ujjain Temple Statues Broken Issue
Ujjain Temple Statues Broken Issue

নিউজ ডেস্ক, ৩০ মে' : মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন সমাগত (Madhya Pradesh assembly polls 2023) । কিন্তু তাৰ কেইমাহমান পূৰ্বে মঙলবাৰে হিন্দু ধৰ্ম সম্পৰ্কীয় বিষয়ত দুৰ্নীতিত লিপ্ত হোৱা বুলি বিজেপিক সমালোচনা কৰে কংগ্ৰেছে (congress slams BJP on Ujjain Temple Statues) । লগতে গেৰুৱা দলটোক ইয়াৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায় ।

মধ্যপ্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ নেতা জে পি আগৰৱালে (AICC in charge of Madhya Pradesh JP Agarwal) শেহতীয়া এটা ঘটনা উত্থাপন কৰে । উল্লেখ্য যে, উজ্জয়িনীৰ বিখ্যাত মহাকাল (ভগৱান শিৱ) মন্দিৰ চৌহদৰ ভিতৰত তীব্ৰ ধুমুহা বতাহৰ ফলত প্ৰাচীন ঋষি আৰু দেৱতাৰ কেইবাটাও বিশাল মূৰ্তি ভাঙি পৰে । যোৱা বছৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ নিৰ্মাণ কৰা এই মন্দিৰৰ চৌহদটো উদ্বোধন কৰিছিল (Ujjain Temple Statues Broken case) ।

"প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে খৰখেদাকৈ ত্ৰুটিপূৰ্ণ মূৰ্তিবোৰ স্থাপন কৰা হৈছিল যেন লাগিছে । প্ৰতিমূৰ্তিবোৰৰ বাবে প্ৰায় ৩৫১ কোটি টকা খৰচ কৰা হৈছিল । প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে ইমান পৰিমাণৰ ৰাজহুৱা ধনৰ শৰাধ কৰা হৈছিল । আঠ মাহতকৈও কম সময়ৰ ভিতৰতে এই ভাঙি পৰা মূৰ্তিবোৰে প্ৰমাণ কৰে যে, সেইবোৰ নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মিত ।" আগৰৱালে কয় ।

তেওঁ লগতে কয়, "আমি সমগ্ৰ ঘটনাটোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাইছোঁ (congress demands probe of Ujjain Temple Statues) । কিয়নো মূৰ্তিবোৰৰ মানদণ্ডক লৈ পূৰ্বতেই অভিযোগ উত্থাপন কৰা হৈছিল । কিন্তু ৰাজ্য চৰকাৰে সেয়া আওকাণ কৰিছিল ।"

আনহাতে, কংগ্ৰেছৰ প্ৰবীণ নেতাজনে ঘটনাটোৰ বাবে বিজেপিক ক্ষমা বিচাৰিবলৈও কয় । "এয়া হিন্দু আৰু ভগৱান শিৱৰ কিংবদন্তিত বিশ্বাস কৰা সকলোৰে অনুভূতিৰ সৈতে খেলাৰ দৰে আছিল । বিজেপি চৰকাৰৰ সময়ত পোহৰলৈ অহা দুৰ্নীতি-কেলেংকাৰীৰ শৃংখলাত এইটো এটা নতুন সংযোজনৰ বাহিৰে আন একো নহয় । বিজেপিত দুৰ্নীতিত লিপ্ত হোৱাৰ দৌৰ চলি আছে আৰু তেওঁলোকে আনকি দেৱতাকো এৰি দিয়া নাই ।" আগৰৱালে কয় ।

"অযোধ্যা মন্দিৰ ন্যাসৰ সৈতে সম্পৰ্কিত ভূমি কেলেংকাৰী আমাৰ সকলোৰে জ্ঞাত । এইটোও জানিব পৰা গৈছে যে উক্ত কেলেংকাৰীটোত বিজেপিৰ কেইবাজনো কৰ্মকৰ্তা জড়িত আছে ।" তেওঁ লগতে কয় । আনহাতে, কংগ্ৰেছৰ প্ৰবীণ নেতাজনে এইটো কথাতো আচৰিত হোৱা বুলি কয় যে ধুমুহাতে এনে বিশাল মূৰ্তিবোৰ কেনেকৈ ভাঙিব পাৰে । লগতে কয় যে উজ্জয়িনী মন্দিৰ চৌহদৰ ঘটনাটো এনেধৰণৰ প্ৰথম ঘটনা । "বতাহত মূৰ্তি ভাঙি পৰাৰ কথা আগতে কেতিয়াও শুনা নাই । সেইবোৰ কাগজেৰে নিৰ্মিত আছিল নেকি ? বিষয়টোৰ অনুসন্ধান কৰা প্ৰয়োজন ।" আগৰৱালে কয় ।

লগতে পঢ়ক :RJD Twit on Sengol : ছেংগোল বিতৰ্কত নতুন ইন্ধন আৰজেডিৰ; হিন্দী ছবিৰ লাঠিৰ ফটোৰে তুলনা কৰি টুইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.