অসম

assam

Threat to Salman Khan: চলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ

By

Published : Mar 19, 2023, 10:33 PM IST

গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ ৷ অভিনেতা চলমান খানক ভাবুকি দিয়াৰ অভিযোগ দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় দুয়োকে (Lawrence Bishnoi Goldy Brar arrested) ৷ চলমান খানৰ বাসগৃহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

Threat to Salman Khan
চলমান খানৰ ভাবুকি দিয়া লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 19 মাৰ্চ: বলীউড অভিনেতা চলমান খানক ভাবুকি দিয়াৰ অভিযোগত গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু আৰু তেওঁৰ সহযোগী গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ (Lawrence Bishnoi Goldy Brar arrested) ৷ দেওবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক ৷ ইফালে, চলমান খানৰ বাসগৃহৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

চলমান খানৰ ঘনিষ্ঠ সহযোগী প্ৰশান্ত গুঞ্জলকাৰে চলমান খানক লৰেন্স বিষ্ণৈ গেঙে ভাবুকি দিয়া বুলি লৰেন্স বিষ্ণৈ, গোল্ডি ব্ৰাৰ আৰু আন এজনৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Threat mail to Salman Khan) ৷

গোচৰত উল্লেখ কৰা অনুসৰি চলমান খানৰ এজন সহযোগীয়ে দেওবাৰে ৰোহিত গাৰ্গ নামৰ এজন ব্যক্তিৰ পৰা এটা ই-মেইল পাইছিল য’ত কানাডিয়ান গেংষ্টাৰ গোল্ডি ব্ৰাৰে চলমানৰ সৈতে মুখামুখিকৈ কথা পাতিব বিচাৰে বুলি উল্লেখ আছিল ৷ লগতে সেই ই-মেইলটোত চলমান খানক হত্যা কৰাটো গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ জীৱনৰ লক্ষ্য বুলিও উল্লেখ আছিল ৷ উল্লেখ্য যে, এটা সাক্ষাৎকাৰত লৰেন্স বিষ্ণৈয়ে চলমান খানক হত্যা কৰাটো তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰিছিল (Salman Khan Receives Threat Mail) ৷

তিহাৰ কাৰাগাৰত থকা অৱস্থাত লৰেন্স বিষ্ণৈয়ে এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ক’লা হৰিণ হত্যা কৰাৰ বাবে চলমানে বিষ্ণৈ সম্প্ৰদায়ৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে এই পৰিস্থিতিৰ সমাধান হ’ব পাৰে ৷ যদিহে বিষ্ণৈ সম্প্ৰদায়ৰ লোকে চলমান খানক ক্ষমা কৰি দিয়ে তেন্তে তেওঁক হত্যা কৰা নহয় (Gangster Lawrence Bishnoi) ৷

উল্লেখ্য যে, বিষ্ণৈ সম্প্ৰদায়ে ক’লা হৰিণক অতি পৱিত্ৰ হিচাবে জ্ঞান কৰে ৷ চলমান খানে 1998 চনক ‘হম সাথ সাথ হে’ নামৰ ছবিখনৰ দৃশ্য গ্ৰহণৰ সময়ত এটা ক’লা হৰিণ হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতেই যি বিতৰ্কৰ সৃষ্টি হৈছিল সেয়া বৰ্তমানেও অব্যাহত আছে ৷

আনহাতে, গোল্ডি ব্ৰাৰ সৈতে এই বিষয় সমাধান কৰিবলৈ চলমানে খানে কথা নাপাতিলে পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰিছিল ই-মেইলটোত ৷ যাৰ বাবে এতিয়া চলমান খানৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে (Security arrangement for Salman Khan) ৷

লগতে পঢ়ক:Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

ABOUT THE AUTHOR

...view details