অসম

assam

Molestation case in Nawada : নাবালিকা ছাত্ৰীক যৌন উৎপীড়ন চলাই গ্ৰেপ্তাৰ হ'ল মৌলবী

By

Published : Jan 5, 2023, 5:11 PM IST

বিহাৰৰ নৱাদাত মাদ্ৰাছাৰ এগৰাকী ছাত্ৰীৰ ওপৰত উৎপীড়ন চলোৱাৰ অভিযোগত এজন মৌলবীক গ্ৰেপ্তাৰ কৰা হৈছে (Maulvi Arrested for Molestation in Nawada)। অভিযোগ অনুসৰি, মাদ্ৰাছাত পঢ়িবলৈ অহা ছাত্ৰীগৰাকীৰ ওপৰত মৌলবীয়ে যৌন উৎপীড়ন চলাই আৰু ব্লেকমেইল কৰে । মৌলবীৰ মোবাইলত বহু যুৱতীৰ অশ্লীল ফটো পোৱা গৈছে ।

Molestation case in Nawada
নাবালিকা ছাত্ৰীৰ ওপৰত মৌলবীৰ যৌন উৎপীড়ন

নাবালিকা ছাত্ৰীৰ ওপৰত মৌলবীৰ যৌন উৎপীড়ন

নেশ্যনেল ডেস্ক,৫ জানুৱাৰী :বিহাৰৰ নৱাদাত বৌদ্ধিক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । এগৰাকী মৌলবীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে ছাত্ৰীয়ে (Nawada Molestation case)। নৱাদা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মৌলবীজনক (Maulvi Arrested for Molesting Girl Student)।

জানিব পৰা মতে ঘটনাটো নৱাদা জিলাৰ কাউয়াকোল আৰক্ষী থানাৰ অন্তৰ্গত এখন মাদ্ৰাছাত সংঘটিত হৈছিল । য'ত এজন মৌলবীয়ে তেওঁৰ কুকৰ্মৰ জৰিয়তে সকলোকে আচৰিত কৰি তুলিছে । এগৰাকী ধৰ্মীয় গুৰুৰ এনে কাৰ্যই ক্ষোভিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ।

অভিযোগ অনুসৰি নৱাদাত থকা মাদ্ৰাছা এখনত পঢ়িবলৈ যোৱা নাবালিকা ছাত্ৰীগৰাকীৰ ওপৰত প্ৰথমে মৌলবীজনে উৎপীড়ন চলাইছিল আৰু তাৰ পাছত নাবালিকা ছাত্ৰীগৰাকীৰ এখন অশ্লীল ফটো তুলিছিল । ইয়াৰ পাছতো মৌলবীজনৰ কুকৰ্ম বন্ধ হোৱা নাছিল । তাৰ পাছত মৌলবীজনে ফটোখনৰ জৰিয়তে ছাত্ৰীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিলে ।

অৱশেষত মৌলবীৰ এনে কাৰ্যত অতিষ্ঠ হৈ নাবালিকা ছাত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়ালক সকলো কথা অৱগত কৰিলে । লগে লগে ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে (Molestation case against Madrassa Maulvi)। এই ক্ষেত্ৰত, আৰক্ষীয়ে নাবালিকা ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত পক্সো আইন আৰু অন্যান্য ধাৰাৰ অধীনত মৌলবীজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে । লগতে, আৰক্ষীয়ে মাদ্ৰাছাত অভিযান চলাই মৌলবীজনক গ্ৰেপ্তাৰ কৰে ।

ইফালে মৌলবীজনক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা মাদ্ৰাছাখনত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । অৱশ্যে আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ খাতিৰত আৰক্ষীয়ে মৌলবীজনৰ মোবাইলটো পৰীক্ষা কৰে । য'ত বহুতো আশ্চৰ্যজনক তথ্য পোহৰলৈ আহে । নাবালিকা ছাত্ৰীগৰাকীৰ উপৰিও মৌলবীজনৰ মোবাইল ফোনত আন বহুতো ছোৱালীৰ অশ্লীল ফটো পোৱা গৈছে । অভিযুক্ত মৌলবীজন জামুই জিলাৰ খাইৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ বাসিন্দা মহম্মদ শাহাদাত হুছেইন বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত কুৱাকোল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেশ চৌধুৰীয়ে জনোৱা মতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে মাদ্ৰাছাত কৰ্মৰত এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক অশ্লীল ভিডিঅ' কৰি ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰিছিল । গোচৰটো পঞ্জীয়ন কৰাৰ লগতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে এই সমগ্ৰ ঘটনাই বিহাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এগৰাকী ধৰ্মীয় শিক্ষাগুৰুৰ এনে কুকৰ্মক বিভিন্নজনে একেমুখে গৰিহণা দিছে । লগতে অভিযুক্তৰ কঠোৰ শাস্তিৰো দাবী জনাইছে ।

লগতে পঢ়ক :Gang rape in Agra: আগ্ৰাৰ হোটেলত মহিলাক ১০ দিন ধৰি দলবদ্ধ ধৰ্ষণ

ABOUT THE AUTHOR

...view details