ETV Bharat / bharat

Gang rape in Agra: আগ্ৰাৰ হোটেলত মহিলাক ১০ দিন ধৰি দলবদ্ধ ধৰ্ষণ

author img

By

Published : Jan 4, 2023, 3:29 PM IST

আগ্ৰাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা (Rape in Agra)। মিৰ্জাপুৰৰ এগৰাকী বিধৱা মহিলাক কেইজনমান লোকে ট্ৰেন্স যমুনা অঞ্চলৰ এখন হোটেলত বন্দী কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ পুত্ৰকো গুৰুগ্ৰামত বিক্ৰী কৰে । ইতিমধ্য়ে এই ঘটনাত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

Gang rape in Agra hotel
আগ্ৰাৰ তাজ চহৰত লজ্জাজনক ঘটনা

নেশ্য়নেল ডেস্ক, ৪ জানুৱাৰী :উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এগৰাকী বিধৱা মহিলাক ১০ দিন ধৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Gang rape in Agra hotel)। ট্ৰেন্স যমুনা অঞ্চলৰ এখন হোটেলত তেওঁক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগৰ বিষয়ে আৰক্ষীয়ে সদৰী কৰিছে । আনহাতে, আৰক্ষী সূত্ৰ অনুসৰি বিধৱা মহিলাগৰাকীৰ সন্তানকো গুৰুগ্ৰামত অভিযুক্তই বিক্ৰী কৰিছে ।

এই ঘটনাৰ দহ দিন পিছত চুনাৰৰ পৰা গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্তৰ সৈতে আৰক্ষী আগ্ৰাত উপস্থিত হৈ উক্ত হোটেলখনত তালাচী চলায় (Mirzapur woman raped for 10 days)। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত প্ৰথমে আগ্ৰাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইপিনে, চুনাৰ আৰক্ষীয়ে মঙলবাৰে মিৰ্জাপুৰ জিলা চিকিৎসালয়ত ভুক্তভোগীগৰাকীৰ স্বাস্থ্য় পৰীক্ষা কৰে (Mirzapur District Hospital) ।

উল্লেখ্য় যে এই ঘটনাটো সংঘটিত হৈছে চুনাৰ আৰক্ষী থানা অঞ্চলত (Crime in Agra)। মহিলাগৰাকীৰ স্বামীৰ প্ৰায় দুবছৰ পূৰ্বেই মৃত্যু হৈছিল । মহিলাগৰাকীয়ে কঠোৰ পৰিশ্ৰম কৰি তেওঁৰ আঢ়ৈ বছৰীয়া সন্তানক লালন-পালন কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰি কয় যে অঞ্চলটোৰ এগৰাকী মহিলাই কাম আৰু অধিক উপাৰ্জনৰ প্ৰলোভন দিছিল । তেওঁ মহিলাগৰাকীৰ কথাত সন্মত হোৱাত ৩ গৰাকী মহিলাসহ ৪জন লোকে তেওঁক শিশুটোৰ সৈতে আগ্ৰালৈ লৈ যায় । ইয়াৰ পিছত তেওঁ বহু ঠাইত ঘূৰি ফুৰিছিল । এই সময়চোৱাত মহিলাগৰাকীয়ে তেওঁক 2-3 লাখত বিক্ৰী কৰাৰ কথা কৈছিল । মহিলাগৰাকীয়ে কৌশলেৰে তেওঁৰ আঢ়ৈ বছৰীয়া পুত্ৰ পৃথক কৰি লৈ গৈছিল ।

আৰক্ষীয়ে উল্লেখ কৰা মতে, ভুক্তভোগীগৰাকীক ট্ৰেন্স যমুনাৰ এখন হোটেলত ১০ দিন বন্দী কৰি ৰখা হৈছিল । ইয়াতেই তেওঁক প্ৰতিদিনে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল । অভিযুক্তই ভুক্তভোগীগৰাকীৰ পুত্ৰক গুৰুগ্ৰামৰ এগৰাকী মহিলাক বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰিছিল । চুনাৰ আৰু আগ্ৰা আৰক্ষীৰ দলে ইতিমধ্য়ে ভুক্তভোগীগৰাকীৰ পুত্ৰৰ সন্ধানত গুৰুগ্ৰামত অভিযান আৰম্ভ কৰিছে ।

ইপিনে, ধৃত অভিযুক্তই উল্লেখ কৰা মতে গুৰুগ্ৰামৰ এগৰাকী মহিলাই শিশুটোক নিবলৈ কেইবাজনো লোকৰ সৈতে উক্ত হোটেলখনলৈ আহিছিল । আৰক্ষীয়ে এই ঘটনাটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ অঞ্চলটোৰ পৰা চিচিটিভি কেমেৰাও জব্দ কৰিছে । চুনাৰ আৰু আগ্ৰা আৰক্ষীৰ যুটীয়া দলে শিশুটোক বিচাৰি গুৰুগ্ৰামত শিবিৰ পাতি আছে । এতিয়ালৈকে এই গোচৰত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

Mob attack in Tripura: প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পিতৃ গৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.