অসম

assam

ঝাৰখণ্ডত বিধায়িকাৰ সন্মুখতে উচুপি উঠিল মণিপুৰৰ খেলুৱৈ

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 2:20 PM IST

ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় নেটবল প্ৰতিযোগিতাত অংশগ্ৰহণ মণিপুৰৰ খেলুৱৈৰ (29th Sub Junior National Netball Competition)। তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে মণিপুৰৰ খেলুৱৈসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিষয়ে ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পাছতে স্থানীয় বিধায়িকা দীপিকা পাণ্ডে সিঙে সাক্ষাৎ কৰে খেলুৱৈসকলক । বিধায়িকাগৰাকীৰ সন্মুখতে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে কৈ কান্দি উঠিল দলটোৰ প্ৰশিক্ষক তথা খেলুৱৈ ।

Manipur players shared their pain
ঝাৰখণ্ডত বিধায়িকাৰ সন্মুখতে উচুপি উঠিল মণিপুৰৰ খেলুৱৈ

ঝাৰখণ্ডত বিধায়িকাৰ সন্মুখতে উচুপি উঠিল মণিপুৰৰ খেলুৱৈ

নেশ্যনেল ডেস্ক,২৩ ডিচেম্বৰ :মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ কথা সকলোৰে জ্ঞাত । হিংসাৰ খবৰবোৰে বিচলিত কৰি তুলিছিল সকলোকে । ইফালে উত্তৰ-পূৱৰ ৰাজ্যখনৰ নাগৰিকসকলো এনে পৰিস্থিতিৰ পাছত তীব্ৰ সংকটৰ মাজেৰে জীৱন অতিবাহিত কৰিছে । এনে সময়তে ঝাৰখণ্ডত মণিপুৰৰ একাংশ খেলুৱৈ ভাবুক হৈ পৰা দেখা গৈছে । তেওঁলোকক সাক্ষাতৰ বাবে অহা বিধায়িকাৰ সন্মুখতে ৰাজ্যখনৰ আৰু তেওঁলোকৰ প্ৰত্যাহ্বানৰ কথা কৈ উচুপি উঠা দেখা গ'ল । গোড্ডাৰ বিধায়িকাগৰাকীয়েও তেওঁলোকক বিভিন্ন ধৰণে সান্ত্বনা দিলে ।

উল্লেখ্য যে ঝাৰখণ্ডৰ গোড্ডা জিলাত অনুষ্ঠিত হৈছে ২৯ সংখ্যক চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় নেটবল প্ৰতিযোগিতা । শুকুৰবাৰে এই খেলৰ মাজত পৰিৱেশ বিষাদময় হৈ পৰে । যেতিয়া মণিপুৰ দলৰ প্ৰশিক্ষকে কংগ্ৰেছ বিধায়িকাক সাৱটি ধৰি কান্দিবলৈ আৰম্ভ কৰে । প্ৰশিক্ষক ডায়েনা দেৱীয়ে বিধায়িকা দীপিকা পাণ্ডে সিঙৰ সৈতে তেওঁৰ বেদনাৰ কথা উল্লেখ কৰে ।

মণিপুৰৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় নেটবল চাব-জুনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ঝাৰখণ্ডত উপস্থিত হোৱাৰ পাছতে ইটিভি ভাৰতত এক প্ৰতিবেদন প্ৰকাশ পাইছিল । সেই প্ৰতিবেদনৰে প্ৰভাৱ শুকুৰবাৰে গোড্ডাৰ খেলপথাৰত দেখা গ'ল । যেতিয়া বিধায়িকা দীপিকা পাণ্ডে সিঙে খেলুৱৈসকলক সাক্ষাতৰ বাবে আহিছিল তেওঁ মণিপুৰ দলৰ প্ৰশিক্ষক ডায়েনা দেৱীৰ সৈতে কথা পাতিছিল । ডায়েনা দেৱীয়ে বিধায়িকাগৰাকীক দেখি কান্দিবলৈ আৰম্ভ কৰে আৰু মণিপুৰক ৰক্ষা কৰিবলৈ অনুৰোধ জনায় । তাত শান্তি প্ৰতিষ্ঠাৰ বাবে বিধায়িকাগৰাকীক পদক্ষেপ ল'বলৈও খেলুৱৈ আৰু প্ৰশিক্ষকগৰাকীয়ে অনুৰোধ জনায় ।

বিধায়িকা দীপিকা পাণ্ডে সিঙেও মণিপুৰৰ খেলুৱৈসকলৰ কাতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ সৈতে এই বিষয়ে আলোচনা কৰি সহযোগিতা কৰাৰ আশ্বাস দিয়ে । ইয়াৰ উপৰিও মণিপুৰৰ এগৰাকী খেলুৱৈ তথা যুৱতীৰ বেদনা দেশবাসীৰ সন্মুখলৈ লৈ অহাৰ বাবে তেওঁ ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ।

ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত খেলুৱৈসকলে কয় যে মণিপুৰত ৰে'ল চলাচল কৰা নাই, বাছ যাত্ৰাও কঠিন হৈ আছে । এনে পৰিস্থিতিত, কেৱল বিমান ভ্ৰমণ কৰিব লাগে । যাৰ বাবে বহুতো দৰিদ্ৰ শিক্ষাৰ্থী তথা খেলুৱৈ যাত্ৰা কৰিব নোৱাৰে ।

মণিপুৰ দলৰ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় নেটবল আম্পায়াৰ ডায়েনা দেৱীয়ে কোৱা মতে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে খেলুৱৈসকলে ঝাৰখণ্ডলৈ খেলিবলৈ আহিছে । তেওঁলোকৰ দুখ, কষ্ট বুজি বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে প্ৰশিক্ষকগৰাকীয়ে ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপনো কৰে । ইফালে প্ৰতিযোগিতাখনৰ আয়োজক সমিতিক সম্পাদিকা তথা বিধায়িকা দীপিকা পাণ্ডে সিঙে তেওঁলোকৰ ওচৰত থিয় দিয়াৰ বাবে প্ৰশিক্ষকগৰাকীয়ে বিধায়িকাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ইস্তাহাৰ সমিতিত গৌৰৱ গগৈ; নেতৃত্বত চিদাম্বৰম

ABOUT THE AUTHOR

...view details