ETV Bharat / bharat

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ইস্তাহাৰ সমিতিত গৌৰৱ গগৈ; নেতৃত্বত চিদাম্বৰম

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:27 AM IST

Chidambaram to head LS polls 2024 Manifesto Committee
লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ইস্তাহাৰ সমিতিত গৌৰৱ গগৈ

2024 Lok Sabha Polls : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । এই পেনেলত অসমৰ সাংসদ গৌৰৱ গগৈও আছে ।

নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : শুকুৰবাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইস্তাহাৰ সমিতি গঠন কৰে । এই সমিতিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় । ছত্তীশগড়ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিং দেওক এই গুৰুত্বপূৰ্ণ পেনেলৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ।

১৬ জনীয়া পেনেলখনত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাও আছে । কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চিডব্লিউচি) এক গুৰুত্বপূৰ্ণ বৈঠকৰ এদিন পিছতে এই সমিতিখন গঠন কৰা হয় । উল্লেখ্য চিডব্লিউচি বৈঠকত দলটোৱে লোকসভা নিৰ্বাচনৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰে আৰু শীঘ্ৰেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি উল্লেখ কৰে ।

দলটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "কংগ্ৰেছ সভাপতিয়ে আগন্তুক সাধাৰণ নিৰ্বাচন, ২০২৪ৰ বাবে তাৎক্ষণিকভাৱে ইস্তাহাৰ সমিতি গঠন কৰিছে ।" উল্লেখ্য যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মা, জয়ৰাম ৰমেশ আৰু শশী থাৰুৰো সমিতিখনত আছে ।

আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মণিপুৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গাইখাংগাম আৰু লোকসভাত দলটোৰ উপনেতা গৌৰৱ গগৈও সমিতিখনত আছে । লগতে আছে অল ইণ্ডিয়া প্ৰফেচনেলছ কংগ্ৰেছৰ মুৰব্বী প্ৰবীণ চক্ৰৱৰ্তীও । নিৰ্বাচনৰ বাবে দলৰ কাৰ্যসূচী চূড়ান্ত কৰিবলগীয়া গুৰুত্বপূৰ্ণ পেনেলৰ আন সদস্যসকল হ'ল ইমৰান প্ৰতাপগড়ী, কে ৰাজু, ওমকাৰ সিং মাৰ্কাম, ৰণজিৎ ৰঞ্জন, জিগনেশ মেৱানী আৰু গুৰদীপ চাপ্পাল ।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছকে ধৰি প্ৰায়কেইটা বিৰোধী দলে একত্ৰিত হৈ ইণ্ডিয়া নামৰ এক মিত্ৰজোঁট গঠন কৰিছে । ইতিমধ্যে এই মিত্ৰজোঁটৰ চাৰিখনকৈ বৈঠক অনুষ্ঠিত হৈছে । ২০২৪ চনৰ লোকসভাত নিৰ্বাচনত বিৰোধী ঐক্যই একেখন মঞ্চত নিৰ্বাচনত নামি বিজেপিক পৰাস্ত কৰাৰ ৰণকৌশল গ্ৰহণ কৰিছে । অৱশ্যে এতিয়ালৈকে দলকেইটাৰ মাজত আসন বুজাবুজি সম্পূৰ্ণ হোৱা নাই ।

লগতে পঢ়ক :এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.