ETV Bharat / bharat

এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন

author img

By ANI

Published : Dec 23, 2023, 8:27 AM IST

Republic Day 2024 chief guest Emmanuel Macron
এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন

Republic Day 2024 : শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'নে অহা বছৰ গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে তেওঁৰ ভ্ৰমণ নিশ্চিত কৰিছে আৰু তেওঁক আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে ।

নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নক মুখ্য অতিথি হিচাপে গ্ৰহণ কৰিবলৈ আশাবাদী । "মোৰ মৰমৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন, আমি ৭৫ সংখ্যক গণৰাজ্য দিৱসত আপোনাক মুখ্য অতিথি হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ । আমি ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত অংশীদাৰী বিশ্বাস উদযাপন কৰিম ।" প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে এক্স পোষ্টত লিখিছে ।

উল্লেখ্য যে শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'নে অহা বছৰ গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে তেওঁৰ ভ্ৰমণ নিশ্চিত কৰিছে আৰু তেওঁক আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে । "আপোনাৰ নিমন্ত্ৰণৰ বাবে ধন্যবাদ, মোৰ মৰমৰ বন্ধু নৰেন্দ্ৰ মোদী । ভাৰতৰ গণতন্ত্ৰ দিৱস আপোনাৰ সৈতে উদযাপন কৰিবলৈ মই আহিম !" মেক্ৰ'নে এক্সত পোষ্ট কৰে ।

আনহাতে, দিনটোৰ আৰম্ভণিতে শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিশ্চিত কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে তেওঁ মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণ কৰিব । "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰিব ।" বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় ।

উল্লেখ্য যে ভাৰত আৰু ফ্ৰান্সে কৌশলগত অংশীদাৰ হিচাপে বিভিন্ন আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত যথেষ্ট পৰিমাণৰ একত্ৰীকৰণ ভাগ-বতৰা কৰে । লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় ৰাজধানীত গণতন্ত্ৰ দিৱস উদযাপনত এগৰাকী ফৰাচী নেতা ষষ্ঠবাৰৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । মেক্ৰ'নৰ পূৰ্বে ফ্ৰান্সৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাক চিৰাক ১৯৭৬ আৰু ১৯৯৮ চনত ভাৰতৰ গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি আছিল । তেনেদৰে ১৯৮০, ২০০৮ আৰু ২০১৬ বৰ্ষত প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰমে ভেলেৰী জিচকাৰ্ড ডি'এষ্টাইং, নিকোলাছ চাৰ্কোজি আৰু ফ্ৰাঙ্কোইচ ওলাণ্ড মুখ্য অতিথি আছিল ।

ইফালে এই বছৰটো হ'ব ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্যক বাৰ্ষিকী । তদুপৰি, প্ৰধানমন্ত্ৰী মোদী চলিত বৰ্ষৰ ১৪ জুলাইত পেৰিছত অনুষ্ঠিত বাষ্টিল দিৱসৰ কুচকাৱাজত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল । তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'নৰ আমন্ত্ৰণত ফ্ৰান্স ভ্ৰমণ কৰিছিল । আনহাতে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'নেও এই বছৰৰ ছেপ্টেম্বৰত ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল ।

ইয়াৰ উপৰি ৰাষ্ট্ৰপতি মেক্ৰ'ন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ১০ ছেপ্টেম্বৰত দিল্লীত জি-২০ সন্মিলনৰ সময়ত এক দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল । বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকে ভাৰত-ফ্ৰান্স সম্পৰ্কক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে । ভাৰত আৰু ফ্ৰান্সে প্ৰতিৰক্ষা, মহাকাশ, অসামৰিক পাৰমাণৱিক, বাণিজ্য, বিনিয়োগ, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত ঘনিষ্ঠভাৱে সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক :ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গৃহীত গাজাৰ সাহায্য প্ৰস্তাৱ; ভোটদানৰ পৰা বিৰত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.