অসম

assam

২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ অংশ হোৱা মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

By

Published : May 14, 2022, 6:56 PM IST

শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেবে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ মানিক সাহাক ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা (Manik Saha to be next Tripura CM) । কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত বিজেপি দলত যোগদান কৰিছিল মানিক সাহাই ৷ সবিশেষ জানো আহক ৷

manik-saha-to-be-next-tripura-cm
২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ অংশ হোৱা মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

আগৰতলা, 14 মে’: ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ মানিক সাহাক ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা (Manik Saha to be next Tripura CM) । শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। ৰাজ্যখনৰ ৰাজ্যপাললৈ শনিবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল বিপ্লৱ কুমাৰ দেবে(Tripura CM Biplab kumar deb resigns) ৷

মুখ্যমন্ত্ৰী গৰাকীৰ পদত্যাগৰ পিছতেই ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহত ৰূদ্ধধাৰ বৈঠকত মিলিত হৈছিল শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক সকল ৷ উল্লেখ্য যে, 2018 চনৰ মাৰ্চ মাহৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল বিপ্লৱ কুমাৰ দেবে ৷ পদত্যাগ পত্ৰ দাখিল কৰাৰ পূৰ্বে শুকুৰবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে দেবে (Biplab Deb meets Amit Shah)।

যদিও বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰৰ কোনো কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই তথাপি দলৰ সূত্ৰই জনোৱা মতে বিপ্লৱ কুমাৰ দেবৰ নেতৃত্বৰ বিৰুদ্ধে যোৱা বছৰৰ পৰা দলৰ ভিতৰ চোৱাত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল ।

মন কৰিব লগীয়া যে, ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মাণিক সাহাই কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত বিজেপি দলত যোগদান কৰিছিল। ২০২০ চনত তেওঁ ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপি সভাপতি হৈছিল । ২০২১ চনৰ নৱেম্বৰ মাহত ত্ৰিপুৰাত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিৰ তেৰখন পৌৰসভা দখলৰো কৃতিত্ব আছিল মানিক সাহাৰ ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ

ABOUT THE AUTHOR

...view details