ETV Bharat / bharat

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ

author img

By

Published : May 14, 2022, 4:37 PM IST

Updated : May 14, 2022, 7:11 PM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ (Tripura CM Biplab kumar deb resigns) ৷ ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ বিপ্লৱ কুমাৰ দেবৰ ৷

tripura-cm-biplab-kumar-deb-resigns
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ

নিউজ ডেস্ক, 14 মে’: ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন (Change in political scenario of Tripura) ৷ সকলোকে আচৰিত কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ ৷ ইতিমধ্যে, ৰাজ্যখনৰ ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিপ্লৱ কুমাৰ দেবে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ পদত্যাগৰ পিছতেই ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহত ৰূদ্ধধাৰ বৈঠকত মিলিত হৈছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক সকল ৷ উল্লেখ্য যে, 2018 চনৰ মাৰ্চ মাহৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল বিপ্লৱ কুমাৰ দেবে ৷

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ

পদত্যাগ পত্ৰ দাখিল কৰাৰ পূৰ্বে শুকুৰবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে দেবে । যদিও বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰৰ কোনো কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই তথাপি দলৰ সূত্ৰই জনোৱা মতে বিপ্লৱ কুমাৰ দেবৰ নেতৃত্বৰ বিৰুদ্ধে যোৱা বছৰৰ পৰা দলৰ ভিতৰ চোৱাত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল ।

দলীয় সূত্ৰই জনোৱা মতে, উপ-মুখ্যমন্ত্ৰী বিষ্ণু দেৱবাৰ্মা আৰু ত্ৰিপুৰাৰ লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক হ’ব পাৰে শীৰ্ষ পদটোৰ বাবে দলৰ পৰৱৰ্তী পছন্দ।

লগতে পঢ়ক : ১৬ মে'ত নেপাললৈ প্ৰধানমন্ত্ৰী মোডী: নেপালৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব মোডী

Last Updated : May 14, 2022, 7:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.