অসম

assam

Maharashtra politics : ফাডনাভিছক সাক্ষাৎ অজিত পাৱাৰৰ, মিত্ৰতা আৰু দপ্তৰ সম্পৰ্কে আলোচনা

By

Published : Jul 3, 2023, 5:46 PM IST

নতুনকৈ শপত লোৱা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ সোমবাৰে দেৱেন্দ্ৰ ফাডনাভিছক সাক্ষাৎ কৰে । নতুন মিত্ৰতা আৰু দপ্তৰ আৱণ্টনৰ বিষয়ে আলোচনা কৰা হয় । অজিত পাৱাৰক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব বুলি দাবী কৰিছে বিৰোধীয়ে ।

Maharashtra politics
ফাডনাভিছক সাক্ষাৎ অজিত পাৱাৰৰ

নেশ্যনেল ডেস্ক,৩ জুলাই : নেশ্যনেল কংগ্ৰেছ পাৰ্টিত উলম্ব বিভাজন ৰচনা কৰি একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰে অজিত পাৱাৰে । উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে অজিত পাৱাৰে সোমবাৰে দেৱেন্দ্ৰ ফাডনাভিছক সাক্ষাৎ কৰে আৰু নতুন মিত্ৰতা সম্পৰ্কীয় কেবিনেট দপ্তৰ আৱণ্টন আৰু আইনী দিশৰ বিষয়ে আলোচনা কৰে ।

ফাডনাভিছক সাক্ষাৎ অজিত পাৱাৰৰ

সূত্ৰৰ মতে উপ মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা ফাডনাভিছৰ চৰকাৰী বাসভৱন মেঘদূত বাংলোত অনুষ্ঠিত বৈঠকত এনচিপি নেতা সুনীল তটকাৰে, প্ৰফুল পেটেল আৰু ছগন ভুজবলো উপস্থিত থাকে । সূত্ৰৰ মতে বৈঠকখন প্ৰায় এঘণ্টা ধৰি চলিছিল ।

উল্লেখ্য যে দেওবাৰে অজিত পাৱাৰে এনচিপিত বিভাজনৰ নেতৃত্ব দি উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয় । এনচিপিৰ আন ৮ গৰাকী নেতাইও একনাথ সিন্দে বিজেপি মিত্ৰজোঁট চৰকাৰত শপত গ্ৰহণ কৰে । আনহাতে সোমবাৰৰ বৈঠকত নতুন মিত্ৰতা আৰু আইনী দিশ আৰু আসন্ন প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হৈছিল ।

সূত্ৰৰ মতে মঙলবাৰে সন্ধিয়াৰ ভিতৰত দপ্তৰৰ আৱণ্টন চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে । পূৰ্বে অজিত পাৱাৰ জল সম্পদ বিভাগ, শক্তি আৰু বিত্তৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰিছিল । বৰ্তমান এই তিনিওটা দপ্তৰ ফাডনাভিছৰ হাতত আছে । ফাডনাভিছে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বও পালন কৰি আছে । পৰৱৰ্তী ৰাজ্যিক কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

অৱশ্যে কোনে কি দপ্তৰ পাব তাক লৈ কৌতূহলৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে বিৰোধী দলসমূহে দাবী কৰিছে যে বিজেপিয়ে অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিব । জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৱনে সোমবাৰে দাবী কৰে যে বিজেপিয়ে অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰতিশ্ৰুতি দিছে । ইফালে শিৱসেনা (ইউবিটি)ৰ নেতা সঞ্জয় ৰাউতেও দাবী কৰে যে একনাথ সিন্দেই মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাব ।

লগতে পঢ়ক :Maharashtra Coup : মহাৰাষ্ট্ৰৰ অভ্যুত্থানৰ পিছতে অচলাৱস্থা বিৰোধী ঐক্যত

ABOUT THE AUTHOR

...view details