অসম

assam

Uttarkashi Silkyara Tunnel Landslide : উত্তৰকাশী সুৰংগত ভূমিস্খলন; সংবেদনশীল সুৰংগটোত পূৰ্বতেও ঘটিছে এনে ঘটনা

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:46 PM IST

উত্তৰকাশী চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাৰ বিষয়ে এক ডাঙৰ খবৰ লাভ কৰা হৈছে । খবৰ মতে, চিল্কিয়াৰা সুৰংগত পূৰ্বতেও বহুবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । চিল্কিয়াৰা সুৰংগত কাম কৰা শ্ৰমিকসকলে জনাইছে যে শ্ৰমিকসকল আবদ্ধ হৈ থকা ঠাইখন সুৰংগটোৰ এটা অতি সংবেদনশীল অংশ । সুৰংগৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত তাৰ ওপৰত কাম কৰিব লগা আছিল । কিন্তু তাৰ পূৰ্বেই এই দুৰ্ঘটনাটো সংঘটিত হয় ।

উত্তৰকাশী সুৰংগত ভূমিস্খলন; সংবেদনশীল সুৰংগটোত পূৰ্বতেও ঘটিছে এনে ঘটনা
Uttarkashi Silkyara Tunnel Landslide

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ ওপৰত এতিয়া সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ । উত্তৰকাশী চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাত সাতখন ৰাজ্যৰ ৪০ জন শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে । দুৰ্ঘটনাটোৰ পিছত শ্ৰমিকসকলক সুৰংগৰ পৰা উলিয়াবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে । ইফালে উত্তৰকাশী সুৰংগ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতি মুহূৰ্ততে নতুন নতুন তথ্য ওলাই আছে ।

আটাইতকৈ ডাঙৰ তথ্যটো হ'ল যে চিল্কিয়াৰা সুৰংগত ধ্বংসাৱশেষ পৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় । ভূমিস্খলনৰ ফলত সুৰংগটোৰ ভিতৰত ৪০ জন শ্ৰমিক আবদ্ধ হৈ থকা সংবেদনশীল অংশটোত পূৰ্বতেও কেইবাবাৰো ধ্বংসাৱশেষ পৰিছিল । যাৰ স্থায়ী সমাধান সুৰংগটো ইপাৰ-সিপাৰ নিৰ্মাণ হোৱাৰ পিছত কৰিবলগা আছিল ।

কিন্তু যদি আৰম্ভণিতে এই সংবেদনশীল অংশটোৰ স্থায়ী সম্ধানৰ ব্যৱস্থা কৰা হ'লহেঁতেন, তেন্তে এই ঘটনাটো সংঘটিত নহ'লহেঁতেন । উল্লেখ্য যে চাৰধাম পথ প্ৰকল্পৰ অধীনত চিল্কিয়াৰা আৰু পোলগাঁৱৰ মাজত ৪.৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণ কৰা হৈছে । দেওবাৰে এই সুৰংগটোৰ ৰেচমিয়াৰা মুখৰ প্ৰায় ২৩০ মিটাৰৰ ভিতৰত ৩৫ মিটাৰত এক বৃহৎ ভূমিস্খলন সংঘটিত হয় । এই ধ্বংসাৱশেষ প্ৰায় ৬০ মিটাৰ ব্যাসাৰ্ধত বিয়পি পৰে । যাৰ বাবে সুৰংগটো বন্ধ হৈ যায় । ইয়াৰ ফলত সুৰংগ খননত নিয়োজিত ৪০ জন শ্ৰমিক ভিতৰত আবদ্ধ হৈ পৰে ।

শ্ৰমিকসকলে উদঙাইছে প্ৰকৃত সত্য :প্ৰথমদিনা নিৰ্মাণকাৰ্যৰ সৈতে জড়িত শ্ৰমিকসকলৰ সৈতে কথা পতাৰ সময়ত তেওঁলোকে কৈছিল যে ভূমিস্খলন হোৱা ঠাইখন সুৰংগটোৰ এটা অতি সংবেদনশীল অংশ । য'ত পূৰ্বতে বহুবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । তাত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । তেওঁলোকে কৈছে যে এই সংবেদনশীল অংশটোক স্থায়ী সুৰক্ষা ব্যৱস্থা দিয়া হোৱা নাছিল । যাৰ বাবে সুৰংগটো ইপাৰ-সিপাৰ হোৱাৰ বাবে নিৰ্দিষ্ট সময় ৰখা হৈছিল । শ্ৰমিকসকলে কৈছে যে যদি এই অংশটো স্থায়ীভাৱে অধিক সুৰক্ষাৰে নিৰ্মাণ কৰা হ'লহেঁতেন, তেন্তে এনে ঘটনা সংঘটিত নহ'লহেঁতেন ।

আনহাতে, দুৰ্ঘটনাটোৰ পিছত সোমবাৰে উপস্থিত হোৱা দুৰ্যোগ ব্যৱস্থাপনা সচিব ডঃ ৰঞ্জিত সিনহাই কয় যে এই সংবেদনশীল অংশটোত ৰিবেজ লগোৱাৰ পিছত ৰক বোল্টিং আৰু প্ৰাথমিক আৱৰণো কৰা হৈছিল । কিন্তু ধ্বংসাৱশেষৰ প্ৰচুৰ চাপৰ বাবে সুৰংগটো ভাঙি পৰে । তেওঁ কয় যে এই অংশটোক পিছত স্থায়ী ব্যৱস্থাৰে সুৰক্ষা প্ৰদান কৰা হ'ব ।

ইফালে ঘটনাটোৰ পিছত চিবিআৰআই (কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠান) আৰু ৱাদিয়া ইনষ্টিটিউট অব হিমালয় ভূবিজ্ঞানকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ দল ঘটনাস্থলীত উপস্থিত হয় । সকলোৱে ঘটনাটোৰ আঁৰৰ কাৰণবিলাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । এইটোও কোৱা হৈছে যে দলবোৰে পৰীক্ষাৰ বাবে সুৰংগৰ ভিতৰৰ ধ্বংসাৱশেষৰ সৈতে নিৰ্মাণ কৰা পাহাৰীয়া সুৰংগৰ ওপৰৰ অংশৰ পৰা মাটি আৰু শিলৰ নমুনাও সংগ্ৰহ কৰিছে ।

থোৰতে চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনা

  • দেওবাৰে পুৱা ৫.৩০ বজাত সুৰংগটোত ভূমিস্খলন
  • যাৰ ফলত ৪০ জন শ্ৰমিক সুৰংগটোত আবদ্ধ হৈ আছে
  • ঘটনাটো পুৱা ৮.৪৫ বজাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগক জনোৱা হয়
  • পুৱা ১০ বজাত এছ পি অৰ্পণ যদুবংশী উত্তৰকাশীৰ ঘচনাস্থলীত উপস্থিত হয়
  • পুৱা ১০ বজাত উলম্ব ড্ৰিলিং মেচিন অৰ্ডাৰ কৰা হয়
  • পুৱা ১০ বজাত চিল্কিয়াৰা সুৰংগত উদ্ধাৰ অভিযান আৰম্ভ
  • এছডিআৰএফ, এনডিআৰএফ দল পুৱা ১০.৩০ বজাত ঘটনাস্থলীত উপস্থিত
  • দুপৰীয়া ১ বজাত এনএইচআইডিচিএলৰ মুখ্য মহাপ্ৰবন্ধক বিশাল গুপ্তাৰ সৈতে ডিএম অভিষেক ৰুহেলা ঘটনাস্থলীত উপস্থিত
  • দুপৰীয়া ১২.৩০ বজাত ভিতৰত আবদ্ধ শ্ৰমিকসকলৰ সৈতে ৱাকি-টকীৰে যোগাযোগ
  • আলোচনাৰ পিছত শ্ৰমিকসকলক খাবলৈ চানা আৰু শুকান খাদ্য প্ৰেৰণ
  • ১৩ নৱেম্বৰৰ পুৱা ১১ বজাত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ঘটনাস্থলীত উপস্থিত হয়
  • দুৰ্যোগ ব্যৱস্থাপনা সচিব ডঃ ৰঞ্জিত কুমাৰ সিনহা ১২ বজাত ঘটনাস্থলীত উপস্থিত হয়

লগতে পঢ়ক :Uttarakhand Tunnel Collapse : উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনা; মনলৈ উভতি আহিছে ৩৪ বছৰ পূৰ্বৰ ৰাণীগঞ্জৰ স্মৃতি

ABOUT THE AUTHOR

...view details